...
Spread the love

 

আধ্যাত্মিকতাৰ মাজত আৰম্ভ হ’ব অম্বুবাচীৰ মহাযোগ

২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত প্ৰবৃত্তি
২৩, ২৪ আৰু ২৫ জুন বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মুখ্য দুবাৰ

চাইন অন ডেস্ক:

অহা ২২ জুনৰ পৰা নীলাচলৰ বুকুত কামাখ্যা মন্দিৰত আৰম্ভ হ’ব অম্বুবাচীৰ মহাযোগ । ২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ বন্ধ হ’ব । ২৩, ২৪ আৰু ২৫ জুন বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মুখ্য দুবাৰ । অহা ২৬ জুনত পুৱা নিবৃত্তিৰ পিছতেই ভক্তৰ বাবে মুকলি কৰা হ’ব মা কামাখ্যাৰ দুৱাৰ । কামাখ্যা মন্দিৰ প্ৰাংগনত সোমবাৰে অনুষ্ঠিত কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু আৰক্ষী প্ৰশাসন আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ যৌথ সংবাদমেলত কামাখ্যা মন্দিৰৰ দলৈ সমাজৰ দলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই এই কথা সদৰী কৰে ।

তেওঁ কয়, ‘‘এইবাৰ অম্বুবাচী মেলাত হুলস্থূলীয়া পৰিৱেশ যাতে নহয়, শান্তিপূৰ্ণৰে হয় তাৰ ব্যৱস্থা কৰা হৈছে । এইবাৰ মন্দিৰত অযথা হুলস্থূলীয়া পৰিৱেশ নহয়, তাৰ বাবে জিলা প্ৰশাসনৰ ওচৰত আবেদন কৰা হৈছে ।’’

কবিন্দ্ৰ প্ৰসাদ শৰ্মাই কয়, ‘‘মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পিছত অৰ্থাৎ ২৬, ২৭ জুনত কোনো ধৰণৰ ভি আই পি, ভি ভি আই পি পাছৰ ব্যৱস্থা নাথাকিব । ২৮ জুনৰ পৰা দৈনন্দিন দৰ্শনৰ ব্যৱস্থা আৰম্ভ হ’ব ।’’

Leave a Reply

Your email address will not be published. Required fields are marked *