কলিতেই সকলো শেষ!
লণ্ডন নাপালেগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী!
অভিশপ্ত ড্ৰীমলাইনাৰে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীক লৈ উভটি নহাৰ বাটেৰে !
৬৮ বছৰ ১০ মাহ ১০ দিন অতিবাহিত কৰি ইহসংসাৰ ত্যাগ কৰে
ৰাজনৈতিক মহলত গভীৰ শোকৰ ছাঁ
আহমেদাবাদৰ মেঘানীনগৰ আই জি কমপ্লেক্সত সংঘটিত হোৱা হৃদয়বিদাৰক বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে। এই বিমান দুৰ্ঘটনাতে প্ৰাণ হেৰুৱালে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে। ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ আৰু ১ জন কানাডাৰ নাগৰিকৰ সৈতে লণ্ডনলৈ উৰা মাৰিছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
বিজয় ৰূপানীৰ এই শোকাবহ মৃত্যুত শোকত ভাগি পৰিছে সকলো।দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে বৃহস্পতিবাৰে আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে । সামাজিক মাধ্যম X যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিজয় ৰূপানী সদায় জনকল্যানৰ বাবে উচৰ্গিত আছিল । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ Tweet
ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতায়ো বিজয় ৰূপানীৰ অকাল বিয়োগত শোক প্ৰকাশ কৰিছে । সামাজিক মাধ্যম X ত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিজয় ৰূপানী এগৰাকী তৃণমূল নেতা আছিল । যিগৰাকীয়ে তেওঁৰ ৰাজ্যৰ বিকাশ আৰু কল্যানৰ বাবে নিজৰ জীৱন সমৰ্পন কৰিছিল । ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ Tweet
ভাজপাৰ সাংসদ সম্বিত পাত্ৰই বিজয় ৰূপানীৰ মৃত্যু ‘হৃদয় ফাটি যোৱা বেদনা’ বুলি উল্লেখ কৰি তেওঁৰ এই মৃত্যু সমগ্ৰ ভাৰতীয় ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় । পাত্ৰই সামাজিক মাধ্যম X ত লিখে, “গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ভাজপা পৰিয়ালৰ বলিষ্ঠ সদস্য বিজয় ৰূপানীৰ মৃত্যুৰ খবৰ অত্যন্ত পীড়াদায়ক আৰু হৃদয়বিদাৰক । তেওঁৰ মৃত্যু কেৱল গুজৰাটৰ বাবেই নহয়, ভাৰতীয় ৰাজনীতিৰ বাবেও অপূৰণীয় ক্ষতি । বিদেহ আত্মাক জগন্নাথ মহাপ্ৰভূৱে তেওঁৰ কমল চৰণত স্থান দিয়ক আৰু এই কঠিন সময়ত তেওঁৰ শোক-সন্তপ্ত পৰিয়ালৰ লোক তথা সমৰ্থকসকলক ধৈৰ্য আৰু শক্তি প্ৰদান কৰক।” ভাজপাৰ সাংসদ সম্বিত পাত্ৰৰ