গৃহৰাজ্যত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
ভয়ংকৰ অঘটন প্ৰত্যক্ষ কৰে মোদীয়ে
আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত প্ৰধানমন্ত্ৰী মোদী
চিকিৎসালয়লৈ গৈ আহতসকলৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে
আহমেদাবাদ:
গুজৰাটৰ আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাক লৈ কেৱল দেশতে নহয় বিশ্বজুৰি শোকৰ ছাঁ পৰিছে । দেশবাসীয়ে কোনো কাৰণতে এই মৰ্মান্তিক ঘটনাক সহজভাৱে ল’ব পৰা নাই । ইয়াৰ মাজতে শুকুৰবাৰে পুৱাই আহমেদাবাদৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
তাৰ পৰা পোনে পোনে মেঘনীনগৰ অঞ্চলৰ দুৰ্ঘটনাস্থলীলৈ পথেৰে যাত্ৰা কৰে । প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে উপস্থিত মন্ত্ৰী তথা বিষয়াসকলৰ পৰা পৰিস্থিতিৰ বুজ লয় । তাৰ পিছত আহমেদাবাদৰ অসামৰিক চিকিৎসালয়লৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী । য’ত তেওঁ দুৰ্ঘটনাত আহতসকলক সাক্ষাৎ কৰে ।
এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ সৈতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জৰাপু, কেন্দ্ৰীয় মন্ত্ৰী মুৰলীধৰ মোহল আৰু ৰাজ্যৰ গৃহ মন্ত্ৰী হৰ্ষ সংঘৱী উপস্থিত থাকে ।
উল্লেখ্য যে বৃহস্পতিবাৰে আহমেদাবাদৰ পৰা লণ্ডন গেটৱিক অভিমুখে যাত্ৰা কৰা বিমান AI-171 উৰণৰ মাত্ৰ কেইমিনিটমানৰ ভিতৰতে দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে মাত্ৰ এগৰাকী যাত্ৰীক বাদ দি বাকী সকলো নিহত হয় ।
বিমানৰ পাইলট আৰু ক্ৰু মেম্বাৰসকলো এই দুৰ্ঘটনাত নিহত হয় । ইতিমধ্যে এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে যে বিমানখনত ১৬৯ গৰাকী ভাৰতীয় নাগৰিক, ৫৩ গৰাকী ব্ৰিটিছ নাগৰিক, ৭ গৰাকী পৰ্তুগীজ নাগৰিক আৰু এজন কানাডিয়ান নাগৰিক আছিল ।
ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী, গুজৰাটৰ মুখ্যমন্ত্ৰীসহ নেতা আৰু শীৰ্ষ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰে ।
বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক সাক্ষাৎ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত বিতং তথ্য সংগ্ৰহ কৰে ।