...
Spread the love

 

 

৮ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ সোনমসহ পাঁচ অভিযুক্ত

 

আজি হ’ব হত্যাকাণ্ডৰ পুনৰ দৃশ্যায়ন

 

শ্বিলং:

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীসহ পাঁচ অভিযুক্তক ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।এছ আই টি প্ৰধান আৰু পূব খাছী হিলচৰ আৰক্ষী অধীক্ষক আদিকে ধৰি মেঘালয় আৰক্ষীৰ এটা দলে জিলা আদালতত বুধবাৰে বিয়লিৰ ভাগত হাজিৰ কৰে কেউজন অভিযুক্তক। আদালতে আটাইকেইজন আভিযুক্তক ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মা মঞ্জুৰ কৰাত আৰক্ষীয়ে অভিযুক্ত সোনম ৰঘুবংশী, ৰাজ সিং কুশৱাহা, আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু আনন্দক পুনৰ সদৰ থানালৈ আনে।

 

 

 

 

 

 

২ জুনত মেঘালয়ৰ চেৰাপুঞ্জীত ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই তেওঁৰ হত্যাকাণ্ডৰ ঘটনা দেশজুৰি চৰ্চিত হৈ পৰিছে।তদন্ত অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে। চলি থকা এই তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মেঘালয়ৰ পূব খাছী হিলচৰ আৰক্ষী অধীক্ষক বিবেক চিয়েমে কয়- “সোনম ৰঘুবংশী এই হত্যাকাণ্ডত জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ মজুত আছে। হত্যাকাণ্ডত জড়িত থকাসকলক মাৰাথন জেৰা কৰাৰ অন্ততহে আৰু বহু তথ্য পোহৰলৈ আহিব।”

ইফালে সোনমৰ ভ্ৰাতৃৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্য ।সোনমক ফাঁচীৰ দাবী উত্থাপন কৰি ৰাজা ৰঘুবংশীৰ হত্যাত সোনম ১০০ শতাংশ জড়িত থকা বুলি দাবী কৰে স্বয়ং সোনমৰ ভ্ৰাতৃয়ে। সোনমৰ ভ্ৰাতৃ গোবিন্দই কয়- “সোনমে নিজকে দোষী বুলি মানি নলয়।তাইৰ সৈতে আমাৰ আৰু একো সম্পৰ্ক নাই।আমি তাইৰ সৈতে সকলো সম্বন্ধ ছিঙি দিলো।মই ৰাজা ৰঘুবংশীৰ হৈ যুঁজিম ।”

ৰাজা ৰঘুবংশীৰ বৌয়েকে কিৰণ ৰঘুবংশীয়ে সোনমৰ লগত দুটাকৈ ফোন থকাৰ কথা উল্লেখ কৰে আৰু যাৰ জৰিয়তে নিৰন্তৰ খবৰবোৰ দি থকাৰ কথা প্ৰকাশ কৰে। তেওঁ কয়- “সোনমৰ লগত দুটা ফোন আছিল। এটা কাৰ্যালয়ৰ বাবে আৰু ইটো ব্যক্তিগত ব্যৱহাৰৰ বাবে । মই নিয়মীয়াকৈ কথা পতা দেখা নাই কিন্তু ফোনত তাই খবৰবোৰ দি আছিল।তাই সদায় নিজৰ ফোন নিজৰ লগতে ৰাখিছিল। সোনমৰ ভ্ৰাতৃ গোবিন্দই আমাৰ ওচৰত ক্ষমা খুজিছে আৰু তেওঁৰ ভগ্নীৰ ফাঁচী হোৱাটো বিচাৰিছে ।”

উল্লেখ্য যে মেঘালয় আৰক্ষীয়ে আজি সোনমসহ আটাইকেইজন অভিযুক্তক হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ নিব আৰু সমস্ত ঘটনাৰ পুনৰ দৃশ্যায়ন কৰিব।

এতিয়া কেৱল অপেক্ষা, তদন্ত সম্পূৰ্ণ হোৱালৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *