৪০ বছৰ পুৰণি দলং ভাঙিল ! ঘটনাস্থলীত ৯ জন লোকৰ ঠিতাতে মৃত্যু।গুজৰাটৰ বদোদৰা জিলাত আজি পুৱা সংঘটিত হয় এক দুৰ্ঘটনা৷প্ৰায় চাৰি দশক পুৰণি এখন দলঙৰ এটা অংশ ভাঙি কেইবাখনো বাহন নদীৰ বুকুত পৰি যায় ৷এই ঘটনাত ৯ জন লোকৰ মৃত্যু হয় বুলিও জানি বপৰা গৈছে।
ৰাজ্যখনৰ মধ্য গুজৰাট আৰু সৌৰাষ্ট্ৰ অঞ্চলক সংযোগ কৰা নদীখনৰ ওপৰত থকা গম্ভীৰা দলঙৰ এটা অংশ ভাঙি পৰাৰ ফলত প্ৰায় পাঁ চ-ছয়খন বাহন মহিসাগৰ নদীৰ বুকুত সৰি পৰে বুলি গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ঋষিকেশ পেটেলে জানিবলৈ দিয়ে । সংবাদ মাধ্যমৰ আগত পেটেলে কয়, ‘‘এই ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৫ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে ।’’
সামাজিক মাধ্যমত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে দলংখনৰ মাজৰ এটা অংশ ভাঙি গৈ এখন ট্ৰাক বিপজ্জনকভাৱে ওলমি আছে । পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত হোৱা এই ঘটনাত দুখন ট্ৰাক আৰু দুখন ভেনসহ চাৰিখন বাহন নদীত বাগৰি পৰে বুলি পাদ্ৰা আৰক্ষী পৰিদৰ্শক বিজয় চৰণে পূৰ্বে জানিবলৈ দিয়ে ।
আন এগৰাকী বিষয়াই জনোৱা মতে, বদোদৰা অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে ৷