পত্নীৰ চকুৰ সন্মুখতেই হত্যা কৰা হৈছিল ৰাজাক ?
স্বামীক হত্যাৰ বাবদ ২০ লাখ টকাৰ প্ৰস্তাৱ দিছিল সোনমে !
বিবাহৰ পূৰ্বেই ৰাজাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল সোনমে !
পৰিস্থিতিগত প্ৰমাণে পত্নী সোনমকেই ৰাজাৰ হত্যাকাণ্ডৰ মূল চৰিত্ৰ বুলি প্ৰামাণিত কৰাৰ দাবী মেঘালয় আৰক্ষীৰ
ইন্দোৰ:
স্বামীক হত্যাৰ বাবদ ২০ লাখ টকাৰ প্ৰস্তাৱ দিছিল সোনমে ! বিবাহৰ পূৰ্বেই ৰাজাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল সোনমে ! ইয়াতকৈও বেদনা কি হ’ব পাৰে বাৰু ?
ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ পত্নী সোনম ৰঘুবংশীয়ে ঠিকাভিত্তিক হত্যাকাৰী তিনিটাক ২০ লাখ টকাৰ প্ৰস্তাৱ দিছিল।মধ্য প্ৰদেশৰ ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিছে এই কথা৷ সূত্ৰই জনোৱা মতে, প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে বিবাহৰ পূৰ্বেই হত্যাৰ ষড়যন্ত্ৰ ৰচনা আৰম্ভ কৰিছিল সোনমে।
সূত্ৰ অনুসৰি ৰাজাই হত্যাৰ মাত্ৰ আধা ঘণ্টা পূৰ্বে মাতৃৰ সৈতে ফোনত কথা পাতিছিল। অভিযোগ অনুসৰি তেওঁক পত্নীৰ সন্মুখতে হত্যা কৰা হৈছিল আৰু পত্নীয়ে হত্যাকাৰীক তেওঁৰ মৃতদেহটো দ খাৱৈত পেলাবলৈ সহায় কৰিছিল। ইয়াৰ পিছত সোনম শ্বিলঙৰ পৰা গুৱাহাটীত উপস্থিত হয় আৰু তাৰ পাছত পোনে পোনে বাৰাণসীলৈ যাত্ৰা কৰে৷গাজীপুৰলৈ যোৱাৰ পথত সোনমে এখন ধাবাৰ ওচৰত এক প্ৰকাৰে নিজকে আত্মসমৰ্পণ কৰে।
আৰক্ষীৰ মতে, পৰিস্থিতিগত প্ৰমাণে স্বামীৰ হত্যাৰ ষড়যন্ত্ৰৰ মূল চৰিত্ৰ সোনম হোৱাৰ দিশলৈ আঙুলিয়াই দিয়ে।সোনম আৰু ৰাজৰ লগতে আৰক্ষীয়ে ঠিকাভিত্তিক হত্যাকাৰী তিনিটাকো গ্ৰেপ্তাৰ কৰিছে।
এ ডি চি পি ৰাজেশ দণ্ডাউতিয়াৰ মতে, “সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাক ইন্দোৰত গ্ৰেপ্তাৰ কৰা হৈছিল।সোনম ৰাজৰ সৈতে অহৰহ যোগাযোগত আছিল আৰু আৰক্ষীয়ে তেওঁৰ আৰু সোনমৰ মাজত ভিডিঅ’ কলৰ ব্যৱস্থা কৰিছিল।যেতিয়া সোনম স্পষ্ট হৈ পৰিছিল যে তাইৰ প্ৰেমিকজন আৰক্ষীৰ জিম্মাত আছে, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল আৰু পলায়নৰ কোনো উপায় নাই বুলি উপলব্ধি কৰিছিল।ইয়াৰ অলপ সময়ৰ পিছতে সোনমে গাজীপুৰৰ ওচৰৰ এখন ধাবাত উপস্থিত হৈছিল, তাতে সোনমক গ্ৰেপ্তাৰ কৰা হৈছিল ৷” অৱশ্যে ৰাজাৰ হত্যাকাণ্ডৰ পিছত কোনে সোনমক ধাবাত থৈছিল আৰু তেওঁ ক’ত আছিল সেই সন্দৰ্ভত এতিয়াও ৰহস্য অব্যাহত আছে।
জেৰাৰ সময়ত ৰাজে আৰক্ষীক জনোৱা মতে, সোনমৰ সৈতে তেওঁৰ এবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু সোনমৰ দেউতাক হৃদৰোগী আছিল আৰু সেয়ে ৰাজৰ লগত বিয়া হ’লে দেউতাকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি সোনমে ভয় খাইছিল। যাৰবাবে সোনমে সামাজিকভাৱে বিবাশপাশত আৱদ্ধ হয়।ৰাজে আৰক্ষীক লগতে কয় যে বিবাহৰ পূৰ্বেই সোনমে ৰাজাৰ পৰা মুক্তি পাবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল আৰু এই ষড়যন্ত্ৰত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াইছিল।
জানিব পৰা মতে, ৰাজৰ পৰামৰ্শ মতে সোনমে শ্বিলঙক হানিমুন গন্তব্যস্থান হিচাপে বাছি লৈছিল। ইয়াৰ পিছত ৰাজে নিজৰ তিনিজন বন্ধু আকাশ ৰাজপুত, আনন্দ কুৰ্মী আৰু বিশাল চৌহানক ৰাজাক হত্যা কৰিবলৈ শ্বিলঙলৈ পঠিয়াই দিলে আৰু তেওঁ নিজেই ইন্দোৰত থাকিল। এই কথাও পোহৰলৈ আহিছে যে স্বামীৰ সৈতে শ্বিলঙৰ বিভিন্ন স্থান ভ্ৰমণ কৰি থাকোঁতে সোনমে অহৰহ চুক্তিবদ্ধ হত্যাকাৰী তিনিটাৰ সৈতে সবিশেষ ভাগ-বতৰা কৰি আছিল।সেইবাবেই হত্যাকাৰীয়ে দম্পতীটোৰ পিছে পিছে যাবলৈ সক্ষম হয় ।
হত্যাকাণ্ডৰ ঠিক আগতে যেতিয়া হত্যাকাৰীকেইটা সেই স্থানত উপস্থিত হৈছিল আৰু বাৰে বাৰে উপত্যকাটো বগাই ক্লান্ত হৈ পৰিছিল আৰু তেতিয়া তেওঁলোকে হত্যাকাণ্ড সংঘটিত কৰিবলৈ অক্ষমতা প্ৰকাশ কৰিছিল।সূত্ৰ অনুসৰি এই কথাই সোনমক ক্ষুব্ধ কৰি তুলিছিল আৰু তেওঁ তেওঁলোকক নাযাবলৈ অনুৰোধ কৰিছিল।সোনমে তেওঁলোকক এই কামৰ বাবে ২০ লাখ টকা দিব বুলি মনোবল বৃদ্ধি কৰিছিল।