...
Spread the love

ইতিহাস ৰচনা হ’ল ! ঐতিহাসিক ক্ষণ !

চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল সংযোগ প্ৰকল্পৰ মুঠ দৈৰ্ঘ প্ৰায় ২৭২ কিলোমিটাৰ

আৰু ইয়াক নিৰ্মাণৰ বাবে ৪৩ হাজাৰ কোটিতকৈও অধিক ধন ব্যয়

এই দলংখন পেৰিছৰ আইফেল টাৱাৰতকৈও ওখ

দলং নিৰ্মাণত ব্যয় প্ৰায় ১৫০০ কোটি টকা

 

ৰামবনঃ জম্মু-কাশ্মীৰৰ চেনাব নদীত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখন আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ দেশৰ প্ৰথমখন কেব’ল ষ্টেড ৰে’ল দলং অঞ্জি দলঙো উদ্বোধন কৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাটৰা ৰে’লৱে ষ্টেচনৰ পৰা কাটৰা আৰু শ্ৰীনগৰ সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰো ফ্লেগ অফ কৰে ।
এই দলং উদ্বোধনী অনুষ্ঠাত উপ-ৰাজ্যপাল মনোজ সিনহা, জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷কাৰণ অপাৰেশ্যন সেন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী জম্মু-কাশ্মীৰত উপস্থিত হৈছে।ইয়াৰ বাবেই এই স্থানত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁ চেনাব দলং পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে এক আলোচনাত মিলিত হয়। ইয়াৰ সমান্তৰালকৈ তেওঁ শ্ৰমিকসকলকো সাক্ষাৎ কৰে ।
উল্লেখ্য যে, এই দলং মুকলিৰ লগে লগে আজিৰে পৰা জম্মু-কাশ্মীৰত উন্নয়ন আৰু সংযোগৰ এক নতুন যুগৰ আৰম্ভণি হ’ল।আজি প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং আৰু চেনাব নদীত নিৰ্মিত দেশৰ প্ৰথমখন কেব’ল ষ্টেড অঞ্জি দলং উদ্বোধন কৰে । মুঠ ৪৬ হাজাৰ কোটি টকাৰ এই প্ৰকল্প দেশবাসীৰ বাবে তেওঁ উৎসৰ্গা কৰে ।
আজি পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলংখন উদ্বোধন কৰে । এই দলংখন পেৰিছৰ আইফেল টাৱাৰতকৈও ওখ ।এই দলং নিৰ্মাণৰ ব্যয় প্ৰায় ১৫০০ কোটি । এঘণ্টাৰ পাছত দুপৰীয়া ১২ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে কাটৰাৰ পৰা শ্ৰীনগৰলৈ দুখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে ।ৰে’লৱেই কয় যে উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল সংযোগ প্ৰকল্পৰ মুঠ দৈৰ্ঘ প্ৰায় ২৭২ কিলোমিটাৰ আৰু ইয়াক নিৰ্মাণৰ বাবে ৪৩ হাজাৰ কোটিতকৈও অধিক ধন ব্যয় কৰা হৈছে । এই প্ৰকল্পত ৩৬ টা সুৰংগ আৰু ৯৪৩ খন দলঙো অন্তৰ্ভুক্ত কৰা হৈছে ।
বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনোৱা মতে, চেনাব নদীত নিৰ্মাণ কৰা ১ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘৰ ৰে’ল দলংখন প্ৰায় ৩৫৯ মিটাৰ উচ্চতাত আছে, যিটো আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ উচ্চতাত । তেওঁ কয় যে এই দলংখনে প্ৰতি ঘণ্টাত ২৬০ কিলোমিটাৰ বেগেৰে বতাহ আৰু প্ৰৱল ভূমিকম্পৰ জোকাৰণিও সহ্য কৰিব পাৰিব । ইয়াৰ নিৰ্মাণত প্ৰায় ২৭০০০ মেট্ৰিক টন তীখা ব্যৱহাৰ কৰা হৈছে । ইয়াৰ দৈৰ্ঘ ১৩১৫ মিটাৰ । এই প্ৰকল্পটো ২০০৪ চনৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল ।
কাটৰা আৰু শ্ৰীনগৰৰ মাজত চলি থকা বন্দে ভাৰত ৰে’লখন অহা ৭ জুন শনিবাৰৰ পৰা সাধাৰণ জনতাৰ বাবে চলিব । এই ৰে’লখনে এদিনতে চাৰিটা ৰাউণ্ড কৰিব । ৰে’লখনৰ একমাত্ৰ ষ্টপেজ বানিহাৰত কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *