Skip to content
আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অঘটন ! বনৰ পখী হত্যা কৰি-চৰাই বাহ ভাঙি ভিডিঅ’ আপলোড তিনি পাষণ্ডৰ ইউটিউবাৰে ভিউৱাছৰ বাবে কৰা কাণ্ডত হতবাক বন্যপ্ৰেমী চৰাইৰ ঘৰ ভাঙি এতিয়া তিনি যুৱক লক-আপত
চাইন অন ডেস্কঃ আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অঘটন ! প্ৰকৃতি ৰক্ষাৰ শ্ল’গানেৰে সৰ্বত্ৰে গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে এই দুস্কাৰ্য হৈছে। এই বিশেষ দিনটোতে পোহৰলৈ আহিছে প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰৰ এক ভয়ংকৰ ছবি । কেৱল অত্যাচাৰেই নহয়, সেই দৃশ্য ইউটিউবত প্ৰচাৰ কৰি আসুৰিক তৃপ্তি লোৱাৰ চেষ্টাও চলালে। ঘটনা ধেমাজিৰ, বিশ্ব পৰিৱেশ দিৱসৰ দিনাই তিনি যুৱক হ’ল ৰঙাঘৰৰ আলহী । বনৰীয়া পক্ষী হত্যা কৰা, বনৰীয়া পক্ষীৰ কণী ধ্বংস কৰাৰ লগতে সেই দৃশ্য ম’বাইল কেমেৰাত বন্দী কৰি ইউটিউবত আপলোড কৰাৰ অভিযোগত তিনিওকে আটক কৰে আৰক্ষীয়ে।চিমেন চাপৰি অঞ্চলৰ তিনি যুৱকে সংঘটিত কৰিছে এই কাণ্ড । বিভিন্ন পৰিভ্ৰমী তথা বিলুপ্তপ্ৰায় পক্ষীৰ বিচৰণস্থলী চিমেন চাপৰিৰ হস্তিনাপুৰ আৰু কৰ্দৈগুৰি গাঁৱৰ পিতনি অঞ্চল । সেই অঞ্চলৰ একাংশ যুৱকে এই পক্ষীসমূহৰ ওপৰত চলাই আহিছে নিৰ্মম অত্যাচাৰ । কেতিয়াবা যদি কেটেপাৰে হত্যা কৰিছে শৰালি হাঁহ, পানী কাউৰী, কনামুচৰি আদি চৰাই, আন কেতিয়াবা আকৌ চৰাই বাহৰ পৰা খাদ্যৰ বাবে লৈ আহিছে কণী। ইয়াৰ মাজতে এনে অনৈতিক কাৰ্য সংঘটিত কৰি, নিজৰে অপকৰ্মৰ ভিডিঅ’ ইউটিউবত আপলোড কৰে যুৱক তিনিজনে।য’ত দেখা গৈছিল যে বনৰীয়া চৰাইবোৰ কেটেপাৰ সহায়ৰে নৃশংসভাৱে হত্যা কৰাৰ লগতে চৰাইবোৰৰ বাহৰ পৰা কাঢ়ি আনিছে কণী।কেৱল ইমানতে ক্ষান্ত নাথাকি পক্ষী হত্যা কৰি আনন্দত উন্মাদ হৈ পৰাও পৰিলক্ষিত হয় । কেইবাটাও ভিডিঅ’ আপলোড কৰাৰ পিছতে সচেতন ৰাইজ তথা আৰক্ষী আৰু বন বিভাগৰ চকুত পৰে বৃহৎসংখ্যক দৰ্শক থকা ইউটিউব চেনেলটো।লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউটিব চেনেলটোত দেখা পোৱা তিনিও যুৱকক আৰু ডিলিট কৰে চেনেলটোত ইতিমধ্যে আপলোড কৰা ৩৩ টাকৈ ভিডিঅ’। ইফালে বন বিভাগে সংৰক্ষণ কৰি ৰাখে ডিলিট কৰা সেই ভিডিঅ’সমূহ । গ্ৰেপ্তাৰ কৰা যুৱক তিনিজন হ’ল হস্তিনাপুৰৰ মুনিন্দ্ৰ মুছাহাৰী, লাংকা গাঁৱৰ মহেশ্বৰ স্বৰ্গীয়াৰী আৰু শিৱৰাম স্বৰ্গীয়াৰী ৷ এই সন্দৰ্ভত ধেমাজি জিলা বন বিষয়া কৃষ্ণকান্ত দেউৰীয়ে কয়, “বনৰীয়া চৰাইৰ বিচৰণস্থলীলৈ গৈ তেওঁলোকে চৰাই ধৰা আদি কাৰ্যকলাপ সংঘটিত কৰিছিল । সেইবোৰ কৰি তেওঁলোকে ইউটিউবত ভিডিঅ’ আপলোড কৰি আছিল । ইতিমধ্যে সেইটো সকলোৰে দৃষ্টিগোচৰ হয় । আমি বিষয়টো গুৰুত্ব সহকাৰে লৈছোঁ।” বন বিষয়াগৰাকীয়ে লগতে কয়, “ভিডিঅ’টো দেখাৰ পিছতে আমি আৰক্ষীৰ লগতো যোগাযোগ কৰিলোঁ । আৰক্ষীৰ সহায় লৈ ইতিমধ্যে আমি তিনিজনক গ্ৰেপ্তাৰ কৰিছোঁ । আমি বন্যপ্ৰাণী সুৰক্ষা আইনৰ বিভিন্ন ধাৰাত তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিম । ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ।” ইয়াৰোপৰি দেউৰীয়ে কয়, “এইটো অতি দুৰ্ভাগ্যজনক যে, বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এনেধৰণৰ এটা কেছ ধৰিবলগীয়া হৈছে । আমি ভাবো যে এই বিষয়ত যথেষ্ট সজাগতাৰ প্ৰয়োজন আছে । কিছুমান গ্ৰামাঞ্চল, কিছুমান ভিতৰুৱা অঞ্চলত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন আছে । আগন্তুক দিনত বিভিন্ন সময়ত আমি এনে পদক্ষেপ গ্ৰহণ কৰিম ।” Post navigation