ব্ৰজপাতত কৰুণ মৃত্যু ৩৭ টাকৈ পশুধনৰ
ঢকুৱাখনাৰ অভয়পুৰ মাজ গাঁৱত সংঘটিত হৃদয়বিদাৰক ঘটনা
ঢকুৱাখনা:

ঢকুৱাখনাৰ অভয়পুৰ মাজ গাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক তথা হৃদয়বিদাৰক ঘটনা।
ব্ৰজপাতত কৰুণ মৃত্যু হৈছে ৩৭ টাকৈ পশুধনৰ। বৃহস্পতিবাৰে মাজ নিশা সংঘটিত হৈছে এই কৰুণ ঘটনা।গোহালিত বান্ধি থোৱা অৱস্থাত বজ্ৰ পৰি মৃত্যু হয়
৩০ টাকৈ ছাগলী আৰু ৭ টা গৰু।ব্ৰজ পৰি জ্বলি যায় পশুধন সহ গোহালি ঘৰৰ।
তপন মিলি নামৰ ব্যক্তি গৰাকীৰ গোহালিত সংঘটিত এই মৰ্মান্তিক ঘটনা।