...
Spread the love

১০ ছেপ্টেম্বৰৰ পিছত গৌৰৱ গগৈক ৰাইজে ভালকৈয়ে ধন্যবাদ জনাবঃমুখ্যমন্ত্ৰী

 

চাইন অন ডেস্কঃ

প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ ধন্যবাদ নালাগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ গৌৰৱ গগৈয়ে এই ধন্যবাদ কিয় দিব নালাগে,তাৰ কাৰণো বাখ্যা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।ইয়াৰ বাবে মাথো ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব লাগিব বুলি পুনৰ উনুকিয়ালে মুখ্যমন্ত্ৰীয়ে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, “১০ ছেপ্টেম্বৰৰ পিছত গৌৰৱ গগৈক ধন্যবাদ দিব অসমৰ ৰাইজে ।” মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিষয়ে যি ক’ব লগা আছে অহা ১০ ছেপ্টেম্বৰত ক’ব।সোমবাৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ গৰলত এক অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্নত উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্ত হোৱাৰ পিছত উজনি আৰু মধ্য অসমত দলীয় সাংগঠনিক কামত তিনিদিন ধৰি ব্যস্ত গৌৰৱ গগৈয়ে দেওবাৰে শিৱসাগৰত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।গৌৰৱ গগৈয়ে কটাক্ষ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই তেওঁক কংগ্ৰেছ হাই কমাণ্ডে সভাপতিৰ গুৰু দায়িত্ব দিলে ।
গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কৈছিল, “যোৱা দুই-আঢ়ৈ বছৰে মুখ্যমন্ত্ৰীয়ে মোক কৰা সমালোচনাৰ বাবেই মই সভাপতিৰ দায়িত্ব পালো । মুখ্যমন্ত্ৰীগৰাকীয়ে যদি মোক লৈ এই বহুল প্ৰচাৰ নচলালেহেঁতেন, তেন্তে দলৰ কেন্দ্ৰীয় নেতৃত্বই মোক ইমান আস্থাত নল’লেহেঁতেন।তেওঁৰ প্ৰচাৰৰ বাবে দলে মোক যোগ্য বিবেচনা কৰি এই গধুৰ দায়িত্ব প্ৰদান কৰিছে ।”
মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে গৌৰৱ গগৈৰ পৰিয়ালৰ তেওঁৰ বাদে আটাইকেইগৰাকী সদস্যই বৃটিছ নাগৰিক হোৱা প্ৰসংগত কটাক্ষ কৰি কয়, “যিজন মানুহৰ চাৰিজনীয়া পৰিয়ালৰ তিনিজনেই বিদেশী, অসমত আমি বিদেশী বহিষ্কাৰৰ বাবে লাগি আছো, তেনেক্ষেত্ৰত তেনে ব্যক্তিৰ প্ৰশ্নৰ উত্তৰ দি লাভ নাই তেওঁ বিদেশীৰ বাবে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব ?” মুখ্যমন্ত্ৰীৰ পোনপটীয়া উত্তৰ।
গৌৰৱৰ কটাক্ষ ভৰা ধন্যবাদৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “১০ ছেপ্টেম্বৰত মই যি ক’ব লাগে কম ৷ তেখেতে মোক ধন্যবাদ দি লাভ নাই । তেখেতক অসমৰ মানুহে ভালদৰে ধন্যবাদ দিব ৷” বৰঝাৰ বিমান বন্দৰৰ ওচৰৰ গৰলত দুৰ্গা মন্দিৰৰ মণিকূটৰ আধাৰশিলা স্থাপন কৰি এইদৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । গৰল তালুকৰ দুৰ্গা মন্দিৰৰ মণিকূট নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ।
২ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই মণিকূট ৷ দুবছৰৰ ভিতৰত সমাপ্ত হ’ব মণিকূট নিৰ্মাণৰ কাম ৷ মণিকূট নিৰ্মাণৰ বাবে প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে ২৫ লাখ টকা ঘোষণা কৰিছিল ৷ এই অনুষ্ঠানতে ১০০কোটি টকাৰে জিলা পৰ্যায়ৰ আজাৰাত পুনঃনিৰ্মাণ হৈ আছে চিকিৎসালয় ৷ এই অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হয় লখিমপুৰলৈ ৷ লখিমপুৰত ৰঙানদীৰ মথাউৰিৰ বান্ধ আদি পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে ৷ এই বান আৰম্ভণিহে, বান পৰিস্থিতি অনাগত দিনত অধিক ভয়ংকৰ হ’ব পাৰে ৷ যাৰ বাবে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহবান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *