...
Spread the love

অসম-তামিলনাডুৰ ৮ ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যসভাৰ ৮ খন আসনৰ ভিতৰত দুখন অসমৰ আৰু ৬খন তামিলনাডুৰ

 

চাইন অন ডেস্কঃ

অসম আৰু তামিলনাডুৰ ৰাজ্যসভাৰ ৮ খন আসনৰ আগন্তুক নিৰ্বাচনৰ বাবে সোমবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰে । অধিসূচনা জাৰি কৰাৰ পিছতে অসম আৰু তামিলনাডুৰ পৰা উচ্চ সদনৰ এই আঠখন আসনৰ বাবে মনোনয়ন দাখিলৰ পৰ্ব আৰম্ভ হৈছে ।
উল্লেখ্য যে ৰাজ্যসভাৰ আঠখন আসনৰ ভিতৰত অসমৰ দুখন আৰু তামিলনাডুৰ ৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ এই আসনসমূহৰ নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰিছে । কিয়নো উক্ত আসনকেইখনৰ বৰ্তমানৰ সদস্যসকলে চলিত মাহত আৰু জুলাই মাহত অৱসৰ গ্ৰহণ কৰিব ।
অসমৰ দুই ৰাজ্যসভাৰ সাংসদ মিছন ৰঞ্জন দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অহা ১৪ জুনত অৱসৰ গ্ৰহণ কৰিব । আনহাতে, তামিলনাডুত ২৪ জুলাইত অৱসৰ ল’ব অনম্বুমণি ৰামাডোছ, এম শ্বানমুগাম, এন চন্দ্ৰশেখৰণ, এম মহম্মদ আব্দুল্লা, পি উইলছন আৰু ভাইকোৱে ।
ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৯ জুন আৰু পিছদিনা মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব।
আনহাতে, অধিসূচনা অনুসৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ১২ জুন । ১৯ জুনৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনাই ভোটগণনা হ’ব । ইফালে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ২৩ জুনত ।
উল্লেখ্য যে ভাৰতীয় নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশ অনুসৰি, বেলট কাকতত ভোটদানৰ উদ্দেশ্যে কেৱল ৰিটাৰ্নিং বিষয়াই প্ৰদান কৰা পূৰ্বনিৰ্ধাৰিত নিৰ্দিষ্টকৰণৰ সংহত বেঙুনীয়া ৰঙৰ স্কেচ পেনহে ব্যৱহাৰ কৰিব লাগিব । উল্লিখিত নিৰ্বাচনত কোনো কাৰণতে আন কোনো কলম ব্যৱহাৰ কৰিব নোৱাৰিব ।
নিৰ্বাচন পেনেলে পৰ্যবেক্ষক নিযুক্তি দি নিৰ্বাচনী প্ৰক্ৰিয়াৰ তীক্ষ্ণ নিৰীক্ষণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে, যাতে মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত হয় । আনহাতে, সমগ্ৰ দেশতে ক’ভিড-১৯ৰ সক্ৰিয় ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি সমীক্ষা পেনেলে কয়, “ই চি আয়ে সময়ে সময়ে জাৰি কৰা ক’ভিড-১৯ৰ বিস্তৃত নিৰ্দেশনা ই চি আইৰ ৱেবছাইটত উপলব্ধ । য’ত প্ৰযোজ্য হয় সেইবোৰ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ছোৱাত সকলো ব্যক্তিয়ে মানি চলিব লাগিব ।”

Leave a Reply

Your email address will not be published. Required fields are marked *