...
Spread the love

 

ৰাজ্যত বানত শিশুসহ ৩ জন আৰু ভূমিস্খলনত ৫ জন লোকৰ মৃত্যু

চাইন অন ডেস্কঃ

ৰাজ্যত বিগত ২৪ ঘন্টাত বান আৰু ভূমিস্খলনৰ ফলত ৮ জন লোকৰ মৃত্যু হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শনিবাৰে নিশা প্ৰকাশ কৰে এই তথ্য ৷ প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি বানত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভূমিস্খলনত ৫জন লোকৰ মৃত্যু হয় ।
বানত গোলাঘাট জিলাত এটি শিশুসহ দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে লখিমপুৰ জিলাত এজন লোকৰ মৃত্যু হয় । আনহাতে কামৰূপ (মেট্ৰ’) জিলাত ভূমিস্খলনৰ ফলত ৫জন লোকে প্ৰাণ হেৰুৱায় আৰু দুজন লোক আহত হয় ।

 

অসম তথা চুবুৰীয়া ৰাজ্যসমূহত ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ পিছত ৰাজ্যখনৰ ১২খন জিলা ক্ৰমে ধেমাজি, দক্ষিণ শালমাৰা, লখিমপুৰ, ডিব্ৰুগড়, গোলাঘাট, দৰং, নগাঁও, কাৰ্বি আংলং, কামৰূপ, বিশ্বনাথ, তিনিচুকীয়া, কাৰ্বি আংলং (পশ্চিম)ৰ ২০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭৫ খন গাওঁ বানৰ ফলত প্ৰভাৱিত হয় ।

 

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বান প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ১২খন জিলাৰ ৫৮,০৯১ জন লোক প্ৰথম বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । ইপিনে বানত ডুব গৈছে ৭৯১.৩২ হেক্টৰ কৃষিভূমি । প্ৰায় ৭০০০ বানাক্ৰান্ত লোকে জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত আশ্ৰয় লৈছে । বানাক্ৰান্ত অঞ্চলত জিলা প্ৰশাসনে ১৬টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে ।
বানাক্ৰান্ত জিলাকেইখনত ৭৫৯১৮টা জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে আৰু ১৯৪টা জীৱ-জন্তুৰ মৃত্যু হৈছে । এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি আৰু জৰুৰীকালীন সেৱা আৰু স্থানীয় প্ৰশাসনে বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । ইপিনে যোৱা ২৪ ঘন্টাত বানত ২২ টা পথ, এখন দলং, ৩ টা মথাউৰি ভাঙিছে আৰু ৪ টা মথাউৰি, জলসিঞ্চনৰ খাল, বিদ্যালয় ভৱন, অংগনবাড়ী কেন্দ্ৰ আদিৰ ক্ষতিসাধন কৰিছে ।
আনহাতে, কামৰূপ, ডিব্ৰুগড়, দৰং, কাছাৰ, আৰু কামৰূপ (ম) জিলাৰ নগৰীয়া বানত ৯,৮৬৫ জন লোক ক্ষতিগ্ৰস্ত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *