ডিব্ৰুগড় জিলাত
অহা ২৯ মে’ৰ পৰা ১২ জুনলৈকে ১৫ দিনীয়া কাৰ্য্যসূচীৰে ‘বিকশিত কৃষি সংকল্প অভিযান’
চাইন অন ডেস্কঃ
ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত কৃষি গৱেষণা আৰু শিক্ষা বিভাগ , ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ নিৰ্দেশনা অনুযায়ী দেশজুৰি ‘বিকশিত কৃষি সংকল্প অভিযান’ৰ সূচনা কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাত অহা ২৯ মে’ৰ পৰা ১২ জুনলৈকে ১৫ দিনীয়া কাৰ্য্যসূচীৰে ‘বিকশিত কৃষি সংকল্প অভিযান’ (Vikshit Krishi Sankalp Abhiyan) ৰূপায়ন কৰিবলৈ এলানি কাৰ্যসূচী হাতত লোৱা হৈছে। কৃষি বিজ্ঞান কেন্দ্ৰ, ৰমাই আৰু ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত হাতত লোৱা এই প্ৰচেষ্টাৰে জিলাখনৰ প্ৰায় ১০৪০০ কৃষকক সামৰি ল’বলৈ লক্ষ্য কৰা হৈছে। ‘বিকশিত কৃষি সংকল্প অভিযান’ৰ মাজেৰে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে কৃষকক অৱগত কৰোৱাৰ উপৰিও বিজ্ঞানীসকলক কৃষকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে।