...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২৪ সংখ্যক দীক্ষান্ত সমাৰোহ

Spread the love

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২৪ সংখ্যক দীক্ষান্ত সমাৰোহ

ডিজিটেল বিপ্লৱৰ আমি কেৱল যাত্ৰীয়েই নহয়, চালকো হ’বগৈ লাগিব ‘ – ৰাজ্যপাল

বিশিষ্ট সাহিত্যিক-বুদ্ধিজীৱি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ অংশগ্ৰহণ

সাহিত্য একাডেমীপ্ৰাপ্ত কবি – সাহিত্যিক মামাং দাইক ডি. লিট. ডিগ্ৰী প্ৰদান

মানৱ দৰদী চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞাক ডি. এচ চি ডিগ্ৰী প্ৰদান

চাইন অন ডেস্ক:

দেশৰ উচ্চশিক্ষা খণ্ডলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি সম্পন্ন হয় বিশ্ববিদ্যালয়খনৰ ২৪ সংখ্যক দীক্ষান্ত সমাৰোহ।  এই সমাৰোহত  সভাপতিত্ব কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই।
সভাপতিৰ  ভাষণত আচাৰ্যগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গুণগত শৈক্ষিক মানৰ ভূয়সী প্ৰশংসা কৰে আৰু সময়ৰ দাবীৰ প্ৰতি সঁ‌হাৰি জনাই আগবাঢ়ি যাবলৈ ছাত্ৰ সমাজৰ প্ৰতি  আহ্বান জনায়। ডিব্ৰুগড়ক ” ভাৰতৰ চাহ নগৰী’ বুলি অভিহিত কৰি আচাৰ্যগৰাকীয়ে কয়, ‘ ইয়াৰ বিস্তৃত চাহ বাগান, প্ৰাকৃতিক সৌন্দৰ্য আৰু কৰ্মশীললোকৰ পৰম্পৰাই অঞ্চলটোক বিশিষ্ট পৰিচয় প্ৰদান কৰিছে।” সমাৰোহত অংশগ্ৰহণ কৰা চাত্ৰ সমাজক উদ্দেশি তেখেতে লগতে কয়, ” আজি আমি এনে এটা যুগত জীৱন নিৰ্বাহ কৰিছোঁ, য’ত Artificial Intelligence, Digital বিপ্লৱ আৰু Automation এ আমাৰ অৰ্থ-ব্যৱস্থা আৰু সমাজৰ সংৰচনাক পুনৰ পৰিভাষিত কৰিছে। আপোনালোক হৈছে সেই প্ৰজন্ম যি ভাৰতবৰ্ষৰ দিশ আৰু দশাক নিৰ্নয় কৰিব। সেয়ে এই Digital বিপ্লৱৰ আমি কেৱল যাত্ৰীয়েই নহয়, চালকো হ’বগৈ লাগিব।”
গাম্ভীৰ্যপূৰ্ণ এই দীক্ষান্ত সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসমৰ সাহিত্য জগতৰ ভোটাতৰা স্বৰূপ, সাহিত্য একাডেমী বঁ‌টাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক, Srimanta Sankardeva University of Health Sciences ৰ প্ৰাক্তন উপাচাৰ্য তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা । তেখেতৰ দীক্ষান্ত ভাষণত ডাঃ বৰাই অসমত উচ্চশিক্ষা প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত ৰাজ্যপাল মহোদয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। ডিব্ৰুগড়ৰ সৈতে থকা স্মৃতিৰ প্ৰসংগ টানি তেখেতে কয় ডিব্ৰুগড়লৈ চিকিৎসা শিক্ষা গ্ৰহণ কৰিবলৈহে তেখেত আহিছিল। হ’লেও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২৪ সংখ্যক দীক্ষান্ত সমাৰোহত অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই নথৈ সুখী হোৱা বুলি উল্লেখ কৰে। তেখেতে আজিৰ যুৱ সমাজক Artificial Intelligence আৰু প্ৰযুক্তিগত প্ৰগতিৰ বিষয়ে উৎসুক হ’বলৈ আহ্বান জনায় আৰু দ্বায়িত্বশীলভাৱে আৰু সাৱধানতাৰে সেইবোৰৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্বাৰোপ কৰে। আনহাতেদি Robotic Surgery এ আনি দিয়া ৰূপান্তৰৰ ছবিখন দাঙি ধৰি তেখেতে কয় যে Robotic Surgery এ অতি সুক্ষ্মভাৱে আৰু নিখুঁতকৈ মানৱ শৰীৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পাৰে। আৰু এই ক্ষেত্ৰতো নীতিৰ প্ৰসংগটোক আমি অগ্ৰাধিকাৰ দিব লাগিব।
আদৰণি ভাষণত উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই সমবেত শিক্ষাৰ্থী আৰু বিদ্বৎ  মহল আৰু সুধী সমাজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কয় যে আমাৰ জাতিটোৰ যি যাত্ৰা, তাৰ এক গুৰুত্বপূৰ্ণ ক্ষণত আমি আজি ইয়াত সমবেত হৈছোঁ। ২০৪৭ চনৰ ভিতৰত এখন ‘বিকশিত ভাৰত’ গঢ়াৰ স্বপ্ন আৰু অভিযানেৰে আমাৰ সকলো কাম নিয়ন্ত্ৰিত হৈছে। কেৱল এখন শিক্ষানুষ্ঠান হিচাপে নহয়, এই জাতীয় ৰূপান্তৰৰ অনুঘটক হিচাপেও ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আমি নিজকে চাওঁ‌। পাৰ হৈ যোৱা ২০২৫ বৰ্ষটো আছিল আমাৰ বাবে এই দায়বদ্ধতাৰেই এক স্বাক্ষৰ, কিয়নো আমি নিশ্চিত কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আমাৰ চৌহদ এৰি যোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এটা জাতি নিৰ্মাণৰ বাবে সক্ষম হৈ উঠে। আমাৰ প্ৰগতিৰ পথটো গৱেষণা আৰু উদ্ভাৱনেৰে ক্ৰমাগতভাৱে মুকলি হৈছে। মই ক’বলৈ পাই অতি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ গৱেষণাৰ ইঞ্জিনটো সৰ্ব-শক্তিৰে ক্ৰিয়াশীল হৈ পৰিছে। আমাৰ পদাৰ্থ বিজ্ঞান বিভাগে বিশ্ব মানৰ গৱেষণাৰে সন্মানীয় Nature Index ত উল্লেখযোগ্য স্থান দখল কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰন্তৰভাৱে উজ্জ্বলিবলৈ সক্ষম হৈছে আৰু চলিত বৰ্ষত এই উৎকৰ্ষৰ পৰিধি লক্ষনীয়ভাৱে বৃদ্ধি পোৱাটো আমি প্ৰত্যক্ষ কৰিছোঁ। এই গতি সকলো বিজ্ঞান বিভাগলৈ প্ৰসাৰিত হৈছে। High Impact থকা Q 1 জাৰ্নেলত গৱেষণা পত্ৰ প্ৰকাশেৰে আমাৰ ৰসায়ন বিজ্ঞান বিভাগ, ভেষজ বিজ্ঞান বিভাগ আৰু জীৱ বিজ্ঞান বিভাগকে আদি কৰি সকলো বিভাগ তীব্ৰ গতিত ওফন্দি উঠিছে।এই ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা সমৰ্থনৰ কথা উল্লেখ কৰি উপাচাৰ্যগৰাকীয়ে কয় যে PM-USHA আঁ‌চনিৰ যোগেদি লাভ কৰা ধনৰাশি যুগ-সাপেক্ষ AI আৰু Digital Tool ৰ দৰে বিষয়ৰ অন্তভুক্তিৰে ‘ নতুন শিক্ষানীতি ২০২০’ ক আগত ৰাখি নতুন পাঠ্যক্ৰমৰ ৰূপায়ণ, প্ৰনালীবদ্ধ গৱেষণা আৰু বিশ্ব মানৰ শৈক্ষিক পৰিবেশ নিৰ্মানৰ আন্তঃগাথনি নিৰ্মাণত ব্যয় কৰা হৈছে। তদুপৰি, শৈক্ষিকভাৱে পিছপৰা চাহ বাগান অঞ্চলত বিশেষ সজাগতামুলক কৰ্মশালৰ আয়োজনেৰে বিশ্ববিদ্যালয়খনে শৈক্ষিক পৰিৱেশ গঢ়াৰ পদক্ষেপ গ্ৰহণ বুলি সদৰি কৰে। এই কৰ্ম-আচঁ‌নিৰ অধীনত বিগত বৰ্ষত অসমৰ ৯ খন জিলাক সামৰি লোৱা হৈছিল। চলিত বৰ্ষত ৯ টাকৈ কৰ্মশালা অনুষ্ঠিত হৈ যোৱা বুলি তেখেতে জনায় আৰু আগন্তুক চেপ্তেম্বৰত ইয়াৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলিও আশা প্ৰকাশ কৰে। উল্লেখ্য যে, আজি অনুষ্ঠিত দীক্ষান্ত সমাৰোহৰ সকলো মানপত্ৰ ডিজিটেল ৰূপত উপলব্ধ হ’ব আৰু শিক্ষাৰ্থীসকলে সেইবোৰ সহজে Download কৰি ল’ব পাৰিব বুলি উল্লেখ কৰি শিক্ষাবিদগৰাকীয়ে লগতে কয় যে এই ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়েই হৈছে অসমৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় যি পোনপ্ৰথম বাৰৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে।
এই সমাৰোহতে অৰুণাচল প্ৰদেশৰ এগৰাকী খ্যাতনামা কবি, ঔপন্যাসিক, সাংবাদিক তথা The Black Hill শীৰ্ষক উপন্যাসৰ বাবে ২০১৭ চনত সাহিত্য একাডেমি বঁ‌টা লাভ কৰা মামাং দাইক তেখেতৰ বিৰল প্ৰতিভা আৰু সাহিত্যিক অৱদানৰ স্বীকৃতি হিচাপে সন্মানীয় ডি. লিট.(D.Litt.) ডিগ্ৰী প্ৰদান কৰা হয়। লগতে অস্বচ্ছল আৰু দৰিদ্ৰ ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা সহজলভ্য চিকিৎসা-সেৱা, গভীৰ মানৱীয় দৃষ্টিভংগী আৰু সমাজমুখী মনোভাৱৰ বাবে সুপৰিচিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট শল্য চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞাক তেখেতৰ চিকিংসা-সেৱাৰ স্বীকৃতি হিচাপে সন্মানীয় ডি. এচচি. (D.Sc.) ডিগ্ৰী প্ৰদান কৰা হয়।
এই দীক্ষান্ত সমাৰোহৰ বাবে আবেদন কৰা ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা আছিল ১২,২৬৬ গৰাকী। ১,৯৭১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সমাৰোহত উপস্থিত থাকি ডিগ্ৰীসমূহ গ্ৰহণ কৰে।  মুঠ ১২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। মুঠ ৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষৰ স্বীকৃতি হিচাপে স্বৰ্ণ পদক প্ৰদান কৰা হয়। তাৰ মাজৰে ৩৮ গৰাকীয়ে শ্ৰেষ্ঠ স্নাতকোত্তৰ শিতানত আৰু ৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ক’লা, বিজ্ঞান  আৰু বাণিজ্যৰ শ্ৰেষ্ঠ স্নাতকৰ শিতানত স্বৰ্ণ পদক লাভ কৰে। তদুপৰি নৃতত্ত্ব বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা বিপাঞ্চী হাজৰিকাই Dr Junali Kropi Memorial Gold Medal and Endowment Award লাভ কৰে আৰু শিক্ষাতত্ত্ব বিভাগৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা পলী দত্তক Dr Kamalakanta Borgohain Memorial Fellowship Award প্ৰদান কৰা হয়।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে এই সমাৰোহ সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ , চাত্ৰ সমাজ, বিষয়া কৰ্মচাৰীৰ লগতে উপস্থিত অতিথি, সুধী সমাজ আৰু সাংবাদকৰ্মী সকলৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, ১৯৬৫ চনত স্থাপন হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে দেশৰ উত্তৰ-পূৰ্বাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে স্থাপন হোৱা অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠাৰ দিন ধৰি শিক্ষাৰ  সম্প্ৰসাৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বলিষ্ঠ ভূমিকা পালন কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *