অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ (এজবেক)ৰ দ্বাৰা পৰিচালিত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ৰ ২৩ গৰাকী ছাত্র-ছাত্ৰীৰ বৃত্তি লাভ
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,৬ ফেব্ৰুৱাৰী :
অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ (এজবেক)ৰ দ্বাৰা পৰিচালিত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি নগাঁও জিলাৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ৰ ২৩ গৰাকী ছাত্র-ছাত্ৰীয়ে বৃত্তি লাভ কৰি অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেই অনুযায়ী তৃতীয় শ্ৰেণীত স্বপ্নীল ৰাজ চুতীয়াই ২৬ সংখ্যক, দেৱলীনা শৰ্মাই ২৯ সংখ্যক, হৃষিস্মিতা শৰ্মাই ৩০ সংখ্যক,নন্দিনী দাসে ৩২ সংখ্যক, জিজ্ঞাসা বনিয়াই ৩৮ সংখ্যক, আকাংক্ষা দেৱীয়ে ৪১সংখ্যক,ৰাগিনী দাসে ৪২ সংখ্যক আৰু দিব্যাংগনা শৰ্মাই ৪৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে । চতুর্থ শ্রেণীত–ডিংকু কলিতাই ১৩ সংখ্যক,ৰাহুল সেনাপতিয়ে ১৬ সংখ্যক,জন্মি জোনাক বৰাই ২৯ সংখ্যক,ত্ৰিদিপ বৰাই
৩o সংখ্যক,কৌশিক বৰাই ৩৫ সংখ্যক, কুনাল আকাশ দাসে ৪o সংখ্যক, জ্যোতিকমল নাথ ৪১ সংখ্যক,বৰ্ণিল বৰাই ৪৩ সংখ্যক,ৰিয়ান বনিয়াই ৪৩ সংখ্যক,ষষ্ঠ শ্রেণীত–হিমাদ্ৰী ডেকাই ১৩১সংখ্যক,সপ্তম শ্ৰেণীত–হিমাকশ্ৰী ডেকাই ৮৬ সংখ্যক,পৰিণীতা বৰাই ৯৮ সংখ্যক,বাৰ্বী বৰা ১০৯ সংখ্যক, কস্তুৰীমা দাসে ১১৫ সংখ্যক আৰু অষ্টম শ্রেণীত–সুমিত বৰদলৈয়ে ১১৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে,২০০৫ চনৰ ৭ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা আৰ্য জাতীয় বিদ্যালয়ৰ পৰা ২০২৩-২৪ বৰ্ষত পঞ্চম শ্রেণীৰ পৰিণীতা বৰাই চতুর্থ আৰু কস্তুৰীমা দাসে ষষ্ঠ তথা ২০২৪-২৫ বৰ্ষত তৃতীয় শ্ৰেণীত– ৰাহুল সেনাপতিয়ে ২৫ সংখ্যক,ডিংকু কলিতাই ২৯ সংখ্যক, চতুর্থ শ্রেণীত সিদ্ধাৰ্থ ৰমন মেধিয়ে ৩১ সংখ্যক তথা পঞ্চম শ্রেণীত হিমাংশু ডেকাই ৬৪ সংখ্যক আৰু হিমাদ্ৰী ডেকাই ৭৫ সংখ্যক স্থান
লাভ কৰিবলৈ সক্ষম হৈছিল। বৃত্তিপ্ৰাপ্ত ছাত্র-ছাত্ৰীসকলক আজি বিদ্যালয়ৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। বিদ্যালয়ৰ শিক্ষকদ্বয় উজ্জ্বল কুমাৰ বৰা আৰু অনুপম দাসে আঁত ধৰা অনুষ্ঠানত অধ্যক্ষা বৰ্ণালী বৰাকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে আদৰণি জনায় ।