...

ডিব্ৰুগড়ত বাগ্মীবৰ নীলমণি ফুকন আৰু ড০ লীলা গগৈ উৰণীয়া সেঁতু উদ্বোধন মুখ্যমন্ত্ৰীৰ

Spread the love

ডিব্ৰুগড়ত বাগ্মীবৰ নীলমণি ফুকন আৰু ড০ লীলা গগৈ উৰণীয়া সেঁতু উদ্বোধন মুখ্যমন্ত্ৰীৰ

সৰুসজাই ষ্টেডিয়ামতকৈ বিশাল ষ্টেডিয়াম নিৰ্মাণ হ’ব ডিব্ৰুগড়ত

ছেপ্টেম্বৰত দেশৰ উপ-ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব আৱৰ্ত ভৱন

৩১ অক্টোবৰত সম্পূৰ্ণ হ’ব গুৱাহাটী-ডিব্ৰুগড় বাইপাছ

যুজাৰু বিমান অৱতৰণ কৰি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব বাইপাছ

চাইন অন ডেক্সঃ

সৰুসজাই ষ্টেডিয়ামতকৈ বিশাল ষ্টেডিয়াম নিৰ্মাণ হ’ব ডিব্ৰুগড়ত। ৬ হাজাৰৰ পৰা ৩৫ হাজাৰ আসনলৈ বৃদ্ধি কৰা হ’ব খনিকৰ বহুমূখী ক্ৰীড়া প্ৰকল্প। ডিব্ৰুগড়ত দুখনকৈ উৰণীয়া সেঁতু শুভাৰম্ভ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ডিব্ৰুগড় থানা চাৰিআলিৰ ৰে’লৱে উৰণীয়া সেঁতু আৰু কনভয়ৰোড আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উৰণীয়া উদ্বোধন কৰাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অংশত আয়োজন কৰা এক উদ্বোধনী সভাত মুখ্যমন্ত্ৰীয়ে কয়, ৩৫ হাজাৰ দৰ্শক বহিব পৰাকৈ নিৰ্মাণ কৰা ষ্টেডিয়ামখন প্ৰথম পৰ্যায়ত অক্টোবৰ মাহত উদ্বোধন কৰা হ’ব। একেদৰে খনিকৰৰ বিধানসভা ভৱনৰ সমীপতে নিৰ্মাণ কৰা ১০০ খন বিছনাযুক্ত আৱৰ্ত ভৱনখন ছেপ্টেম্বৰ মাহত শুভাৰম্ভ কৰিব। এই আৱৰ্ত ভৱনখন দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, পূৰ্বে উন্নয়ন গুৱাহাটীৰ মহানগৰতে সীমাবদ্ধ আছিল। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত প্ৰতিখন জিলাত উন্নয়নৰ নতুন দিগন্ত সূচনা হৈছে। সেইবাবে ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে। অসমৰ কোনো এখন জিলা নাই, য’ত বিজেপি চৰকাৰে নীৰন্তৰভাৱে কাম কৰা নাই। একেটা ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আত্মবিশ্বাসী হোৱা বুলি উল্লেখ কৰি কয়, অসমত এইবাৰ দলঙেই নহয়, ১২ হাজাৰ কোটি টকাৰে নিৰ্মাণ হ’ব সুৰংগ। এই বছৰতে কাজিৰঙাত এলেভেটেড নিৰ্মাণ হ’ব। ইকনমিক কৰিডৰো হ’ব এই বছৰতে। ইকনমিক কৰিডৰ নিৰ্মাণ হোৱাৰ লগে লগে গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ দূৰত্ব হ’ব প্ৰায় চাৰি ঘন্টা। ইতিমধ্যে নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হোৱাৰ কথা জানিবলৈ দি কয়, ৩১ ডিচেম্বৰত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী-ডিব্ৰুগড় বাইপাছ। মৰানত যুঁজাৰু বিমান অৱতৰণ কৰিয়েই মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে বাইপাছ উদ্বোধন কৰিব বুলি ঘোষণা কৰে। একেটা ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত যদি দুখন বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হয়, তেনেহ’লে এটা বছৰ এৰি আনটো বছৰত অসম গৌৰৱ বঁটা প্ৰদান কৰিব ডিব্ৰুগড়ত। গুৱাহাটীৰ পাছত ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে গুৱাহাটী পৌৰনিগমৰ দৰে ডিব্ৰুগড় আৰু শিলচৰ পৌৰনিগমতো এমাহৰ ভিতৰত একোজন ভাৰতীয় প্ৰশাসনিক বিষয়া নিয়োগ কৰাৰ কথা প্ৰকাশ কৰে। নামৰূপ সাৰকাৰখানাক পুনৰুজ্জীৱিতকৰণৰ বাবেও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। নামৰূপ সাৰকাৰখানাত কেন্দ্ৰীয় চৰকাৰে ৬০ শতাংশ বিনিয়োগৰ বিপৰীতে অসম চৰকাৰে ৪০ শতাংশ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বদান্যতাৰ বাবে ১২ হাজাৰ মেট্ৰিক টনেৰে পুনৰুজ্জীৱিতকৰণ হ’ব নামৰূপ সাৰকাৰখানা। ইফালে পুৰণা বিভিএফচিলক বন্ধ নকৰি সমানেই চলাই নিয়া হ’ব বুলিও ঘোষণা কৰে।মুখ্যমন্ত্ৰীয়ে। এতিয়াৰে পৰা নামৰূপত হ’ব দুটা কাৰখানা। আনহাতে ডিব্ৰুগড়ত উদ্যোগৰ পৰিচয় উভতাই অনাৰ বাবে নামৰূপত ৭০০ কোটি টকা ব্যয়েৰে মিথানল প্ৰকল্প নিৰ্মাণ হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন্দোলন আৰু চান্দা বিৱৰ্জিত পৰিৱেশৰ বিপৰীতে ৰাজ্যখন নিৰ্মাণ কৰিব লাগিব বুলি উল্লেখ কৰি কয়, ডিব্ৰুগড় মহানগৰৰ আন্তগাথনি সৱলীকৰণৰ বাবে কাম কৰিব ৰাজ্য চৰকাৰে। কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। ইফালে এই অনুষ্ঠানতে মন্ত্ৰী প্ৰশান্ত ফুকনক প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, বিধায়ক হিচাপেও ভাল বুলি শুনিছিলো। এতিয়া মন্ত্ৰী হিচাপেও আৰু ভাল কাম কৰিব পাৰিব। লক্ষী মানুহ প্ৰশান্ত ফুকন। শক্তি খণ্ডত ভাল পৰিৱৰ্তন আহিছে। প্ৰশান্ত ফুকনৰ নেতৃত্বত অহা চাৰি-পাঁচ মাহত শক্তি খণ্ডত আৰু ভাল কাম হ’ব। ইফালে অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়,

উৰণীয়া সেঁতুৰ ফলত যান-জঁটৰ সমস্যা দূৰীকৰণে নহয় চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। কংগ্ৰেছৰ শাসনকালত আটাইতকৈ এই অঞ্চলটো পিছপৰি আছিল। উত্তৰ-পূৱৰ আঠখন ৰাজ্যৰ উন্নয়নত গুৰুত্ব দিছে‌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা বছৰত যাতায়াত ব্যৱস্থা সূচল কৰি তুলিবলৈ ২ লাখ কোটি টকা ব্যয় কৰিছে। আগন্তুক দিনত আটাইতকৈ উন্নত ৰাজ্য হিচাপে পৰিণত হ’ব অসম। পাঁচখন ৰাজ্যৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে স্বীকৃতি বুটলিব অসম। সঠিক পৰিকল্পনা আৰু সঠিক নীতিৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰতিখন নাগৰিকসকলক উন্নয়নৰ যাত্ৰাত আগুৱাই লৈ গৈছোঁ। ইফালে ডিব্ৰুগড় সচিৱালয় নিৰ্মাণ আৰু দ্বিতীয় ৰাজধানীৰ মৰ্যাদা প্ৰদানৰ বাবে ৰাজহুৱা কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, ৪৫৮ মিটাৰ দৈৰ্ঘ্যৰ থানা চাৰিআলিৰ মানকটা পথৰ ওপৰেদি নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন ‘বাগ্মীবৰ নীলমণি ফুকন উৰণীয়া সেঁতু’ নামেৰে নামাকৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৯৬৫ চনত নিৰ্মাণ কৰা এই উৰণীয়া সেঁতুখন
ভাঙি ৬৯.৬৯ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল। সেইদৰে ৯৩৮ মিটাৰ দৈৰ্ঘ্যৰ ড০ লীলা গগৈ উৰণীয়া সেঁতু নামেৰে নামাকৰণ হোৱা কনভয়ৰোড আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উৰণীয়া সেঁতুখন নিৰ্মাণত ব্যয় হৈছিল ৪৯.২১ কোটি টকা। ২০২১ চনৰ ১ অক্টোবৰত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, ডিব্ৰুগড় সাহিত্য সভাই ডিব্ৰুগড় মহানগৰৰ নৱনিৰ্মিত দুয়োখন উৰণীয়া সেঁতু ৰাজ্যৰ দুই বৰেন্য ব্যক্তিৰ নামত নামকৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। ডিব্ৰুগড় সাহিত্য সভাৰ এই প্ৰস্তাৱক সঁহাৰি জনাই ৰাজ্য চৰকাৰে অনুমোদন জনাইছিল। উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপৰি মন্ত্ৰী প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিনোদ হাজৰিকা, তৰংগ গগৈ, পোনাকন বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা, মেয়ৰ ডাঃ চৈকত পাত্ৰ, সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোনোৱাল, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *