নগাঁৱৰ ২নং মোল্লাপটিত ভয়ংকৰ দুৰ্ঘটনা
ঘটনাস্থলীত নিহত মহিলা,আহত জীয়ৰী
নগাঁও:


মাতৃ-জীয়ৰী ২নং মোল্লাপট্টি ৰেলৱে গেʼট আহি পোৱাত লেভেল ক্ৰচিঙত পাছফালৰ পৰা মাটি কঢ়িওৱা ট্ৰাকখনে মহতিয়াই নিয়ে স্কুটীখন।ফলত
দুৰ্ঘটনাস্থলীতে মহিলাগৰাকী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় জীয়ৰীগৰাকী।দুয়ো কুৰুৱাবাহী-নগাঁও পথেৰে নগাঁৱলৈ আহি আছিল।
নিহত মহিলাগৰাকী কচুৱাৰ সমীপৱৰ্তী ৰজাগাঁৱৰ মৃদুলা শইকীয়া আৰু আহত জীয়ৰীগৰাকী দেৱাংগনা শইকীয়া বুলি চিনাক্ত হৈছে।
ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী চকীৰ বিষয়া উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।গুৰুতৰভাৱে আহত দেৱাংগনাক নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ আৰক্ষীয়ে প্ৰেৰণ কৰে।