Skip to content ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত সাংবাদিক নীলিম চৌধুৰীৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ আয়োজন
সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা সুৰ্য বড়ালৈ
সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা হিৰণ্য বৰাক
চাইন অন ডেস্ক:
বিগত বৰ্ষৰ দৰে এইবাৰো ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। অহা ১১ আগষ্টত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি স্মাৰক বক্তৃতানুষ্ঠান আৰু নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হ’ব। আনহাতে সেইদিনাই প্ৰয়াত সাংবাদিক সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতাৰ বঁটাও প্ৰদান কৰা হ’ব।
এই সন্দৰ্ভত আজি লাচিত নগৰস্থিত ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মানসজ্যোতি দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটাৰ বাবে সোণাৰিৰ অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক সূৰ্য বড়া আৰু প্ৰয়াত সাংবাদিক সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতা বঁটাৰ বাবে এন কে টিভিৰ ডিব্ৰুগড়ৰ যুৱ সাংবাদিক হিৰণ্য বৰাক নিৰ্বাচিত কৰা হয়।
এই দুয়োটা বঁটাত থাকিব নগদ ধন, স্মাৰক, মানপত্ৰ, ফুলাম গামোচা, চেলেং চাদৰ, শৰাই আৰু জাপি। ইফালে সেইদিনাই অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত জ্যোতিষ কুমাৰ পাতিৰ আৰু অভিক চক্ৰৱৰ্তীৰ সম্পাদনাত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ সোঁৱৰণত প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ ‘নীলিম’ উন্মোচন কৰা হ’ব।
ইয়াৰোপৰি, অহা ১০ আগষ্টত এখনি সাংবাদিকতা কৰ্মশালাৰো আয়োজন কৰা হৈছে। গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ লগত সংগতি ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ড০ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্সৰ সহযোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ আউটড’ৰ ষ্টেডিয়ামৰ চি কে শৰ্মা হস্পিটেলিটি চেন্টাৰত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংবাদিকতা বিষয়ৰ কৰ্মশালা।
এই কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড০ সত্যকাম বৰঠাকুৰ, অইল ইণ্ডিয়া লিমিটেডৰ মহাপ্ৰৱন্ধক ত্ৰিদীপ হাজৰিকা, বিবিচিৰ প্ৰাক্তন ব্যুৰ’ তথা দেশৰ প্ৰখ্যাত সাংবাদিক সুবীৰ ভৌমিকে। এই কৰ্মশালাত বিশ্ববিদ্যালয়, মহাবিদ্যালয় তথা সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। সবিশেষ জানিবৰ বাবে ৭০০২৪১৯২৫৪ আৰু ৬৯০১২১৬৩৭৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।