...

বিষাক্ত কাঠফুলা খাই শদিয়াত দুই শিশু সহ ১১ জন অসুস্থ

Spread the love

বিষাক্ত কাঠফুলা খাই শদিয়াত দুই শিশু সহ ১১ জন অসুস্থ

চাইন অন ডেস্ক:

শদিয়া সমজিলাৰ ৰূক্মিণী দেউৰী গাঁৱত বিষাক্ত কাঠফুলা খোৱাৰ ফলত দুই শিশু সহ মুঠ ১১ জন লোক অসুস্থ হৈ পৰাৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে সন্ধিয়া গাঁওখনৰ একাংশ লোকে নিশাৰ আহাৰৰ সৈতে কাঠফুলা গ্ৰহণ কৰাৰ পিছতে অসুস্থতা অনুভৱ কৰে।
ইয়াৰ পিছতে অসুস্থ লোকসকলক তৎকালীনভাৱে শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱস্থা গুৰুতৰ হোৱা পাঁচ গৰাকীক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, বাকীসকলৰ অৱস্থা বৰ্তমান স্থিৰ আৰু সংকটমুক্ত বুলি চিকিৎসকসকলে জনাইছে।
অসুস্থ হোৱা লোকসকল হৈছে— সুমবৰি দেউৰী (৬০), অভিজিত দেউৰী (৪৫), উজ্জ্বল দেউৰী (৪), নিৰঞ্জন দেউৰী (২), মামণি দেউৰী (৩০), কুজয় দেউৰী (৫৬), মিতালী দেউৰী (৫৫), ৰাধিকা দেউৰী (১২), নানী দেউৰী (৩৫), মনজিৎ দেউৰী (১৯) আৰু প্ৰজেছ দেউৰী (২০)।
চিকিৎসালয় সূত্ৰে জানিব পৰা মতে, বৰ্তমান সকলো ৰোগীৰ অৱস্থা উন্নত আৰু সুস্থতাৰ দিশে আগবাঢ়িছে।
স্থানীয় প্ৰশাসনে লোকসকলক অজ্ঞাত বা বনৰীয়া কাঠফুলা গ্ৰহণ নকৰিবলৈ সতৰ্ক কৰি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *