নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কলিয়াবৰ শাখা সাহিত্য সভাৰ ব্যবস্থাপনাত শনিবাৰে অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰাৰ লগতে সাহিত্য সভা ভৱনৰ সন্মুখত স্থাপিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নৱনিৰ্মিত আৱক্ষমূর্ত্তি উন্মোচন কৰা হয়। কুঁৱৰীটোলস্থিত শাখা সাহিত্য সভা ভৱন প্ৰাংগনত পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে দিৱসৰ পাতনি মেলে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে আৰু স্মৃতি তর্পণ কাৰ্যসূচী মুকলি কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্রহ্লাদ চন্দ্র তাছাই। ভাষণ প্ৰসংগত তাছাই কয় যে জাতি জীয়াই ৰাখিবলৈ হ’লে ভাষাটো জীয়াই ৰাখিব লাগিব।
অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ হ’লে আমি সজাগতাৰ ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য কৰে। কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পহল থাপাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নৱনিৰ্মিত আৱক্ষমূর্ত্তি উন্মোচন কৰে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আৱক্ষ মূৰ্তি স্থাপন সম্পৰ্কে বিতংভাৱে অৱগত কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক জগৎ মেধিয়ে। নেপালী সাহিত্য সভাৰ সভাপতি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ হিতৈষি সভ্য চিন্তামনি শর্মাই সভাখনি উদ্বোধন কৰে। উদ্বোধনী ভাষণত শৰ্মাই ইয়াৰ পাছতে সভাখনি উদ্বোধন কৰে নেপালী সাহিত্য সভাৰ সভাপতি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ হিতৈষি সভ্য চিন্তামনি শর্মাই। ভাষণত তেওঁ অসমীয়া জনজীৱনৰ সৈতে গোৰ্খা জনগোষ্ঠী জড়িতহৈ অসমীয়া সমাজ জীৱনৰ উত্তৰণৰ দিশত কাম কৰি অহাৰ কথা উল্লেখ কৰে।
অসমীয়া উৎকৃষ্ট গ্ৰন্থ সমূহ নেপালী ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্যক প্ৰচাৰমুখী কৰি অহাৰ কথা উল্লেখ কৰে। সভাত অসম চৰকাৰৰ পৰিবহন বিভাগৰ প্ৰাক্তন যুটীয়া সচিব প্ৰফুল্ল ডেকা আৰু নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি থগিত মহন্তইও ভাষণ দিয়ে। এই সভাতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ড° ৰাজেন শইকীয়াৰ “নগাঁৱৰ বুৰঞ্জী” (দ্বিতীয় পৰিবৰ্দ্ধিত সংস্কৰণ),নবীন বৰঠাকুৰৰ “কলিয়াবৰৰ ইতিহাসৰ ডুখৰীয়া ছবি” আৰু বিৰাজ ভূষণ বৰাৰ “কলিয়াবৰ” গ্ৰন্থ তিনিখনি উন্মোচন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণীন হাজৰিকাই। উক্ত সভাতে কুসুম ডেকাৰ ক্ৰীড়া বিষয়ৰ গ্ৰন্থ “ক্ৰীড়াই মোৰ হৃদয়” উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে। সম্পাদক ৰাজীৱ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱা সভাত অসম সাহিত্য সভাৰ কুঁহি কেন্দ্রীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল কুমাৰ হাজৰিকা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰেৱত শইকীয়া,কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী পুষ্পলতা শইকীয়া,সন্ধ্যা খাউণ্ড,ৰেখা দেৱী,লেখিকা সুৱৰ্ণ লতা মহন্তকে আদি কৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে।