...

ৰাছিয়াৰ সৈন্যই অপহৰণ কৰিলে ১৯,৫৫৬টা শিশুক!

Spread the love

চাইন অন ডেক্স, ৪ মার্চঃ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ দীর্ঘদিনীয়া যুদ্ধ। এই যুদ্ধত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱালে।কোটি কোটি টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে
ধ্বংস হৈছিল।কিন্তু এতিয়া এই যুদ্ধৰ সময়ত ৰাছিয়াৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে যে শুনা সকলোৱেই স্তম্ভিত হৈ পৰিছে।দৰাচলতে ব্রিটেইনৰ
লেবাৰ পাৰ্টিৰ এজন সাংসদে প্রধানমন্ত্রী কেইৰ ষ্টাৰমাৰৰ চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল যে ৰাছিয়া-ইউক্রেইন যুদ্ধত শান্তিৰ আলোচনাত যুদ্ধৰ সময়ত ৰাছিয়াৰ সৈন্যই অপহৰণ কৰা ১৯,৫৫৬টা শিশুক
নিৰাপদে ঘূৰি অহাৰ কথাও উল্লেখ কৰা হৈছে নেকি?
হাজাৰ হাজাৰ ইউক্রেইনৰ শিশু অপহৰণৰ গোচৰটোৱে এতিয়া গতি লাভ কৰিছে। ব্ৰিটিছ সাংসদজনে কয় যে যেতিয়ালৈকে এই শিশুসকলক
সুৰক্ষিতভাৱে ঘূৰাই নিদিয়ে তেতিয়ালৈকে শান্তিৰ কথা
ক’ব নোৱাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *