বিলাসী বাহনেৰে অহা ডকাইতৰ দলে গুৱাহাটীৰ পৰা আহি থকা এখন চুপাৰি ভৰ্তি ট্ৰাক হাইজেক।
গুৱাহাটীৰ গড়চুক পামহিৰ গুদামৰ পৰা মহাৰাষ্ট্ৰ নাগপুৰ অভিমুখে গৈ থকা চুপাৰি ভৰ্তি MP 20 Z17539 নম্বৰৰ ট্ৰাক এখনক ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালিকুছিত ৫/৬ জনীয়া এটি ডকাইতৰ দলে আগচি ধৰি ট্ৰাকত থকা চালক হেণ্ডিমেনক হাতভৰি বান্ধি মুখত কাপোৰ মেৰিয়াই মাৰধৰ কৰি নিশা ১১ বজাৰ পৰা পুৱতি নিশালৈ গাড়ীত ঘুৰাই দুটা মোবাইল আৰু নগদ ১০ হেজাৰ টকা কাঢ়ি নিয়ে।
পিছত অন্য এখন ট্ৰাকেৰে চুপাৰি ভৰ্তি ১৭৩ বস্তা কেজি চুপাৰি লৈ ট্ৰাকখন বঙাইগাঁওত এৰি থৈ যায়।
ভুক্তভোগী চালক,হেণ্ডিমেনে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে ।
বিলাসী বাহনেৰে অহা দুৰ্বৃতৰ দলটোক আৰক্ষীয়ে আটক কৰিব পৰা নাই।