...

৩০ দিনৰ যুদ্ধ বিৰতিত সন্মতি ইউক্ৰেইনৰ!

Spread the love

ৰাছিয়াৰ ওপৰতে নিৰ্ভৰ কৰিব যুদ্ধৰ স্থায়িত্ব!

চাইন অন ডেস্ক,১২মাৰ্চঃএমাহৰ যুদ্ধ বিৰতিত সন্মতি ইউক্ৰেইনৰ! আমেৰিকাৰ মধ্যস্থতাত ছৌদি আৰবত মঙ্গলবাৰে অনুষ্ঠিত হোৱা ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ শান্তি আলোচনাৰ অন্তত আহিছে কিছু আশাব্যঞ্জক খবৰ। ইউক্ৰেইনে এই আলোচনাত প্ৰাৰম্ভিক ভাৱে ৩০ দিনৰ যুদ্ধ বিৰতিৰ বাবে সাজু হৈছে।এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকান সংবাদ মাধ্যমক সম্বোধন কৰি কয়, “ইউক্ৰেইনে যুদ্ধবিৰতিৰ বাবে মাত্ৰ অলপ আগতে সন্মতি দিছে। এতিয়া আমি ৰাছিয়ালৈ অপেক্ষা কৰিব লাগিব। আশা কৰো ৰাষ্ট্ৰপতি পুটিনে সেইটোত সন্মতি দিব আৰু আমি এই বিষয়ত নতুন পথ উলিয়াব পাৰিম।ট্ৰাম্পে কয়, যুদ্ধৰ প্ৰতিবেদনসমূহ তেওঁ পাইছে। এই যুদ্ধত জড়িতসকল আমেৰিকাৰ সৈনিক নহয়, তেওঁলোক ইউক্ৰেইন আৰু ৰাছিয়াৰ। কিন্তু তাৰ বাহিৰতো মানুহক হত্যা কৰা হৈছে। সকলো চহৰত মানুহক হত্যা কৰা হৈছে। সেয়ে আমি যুদ্ধৰ অন্ত পেলাব বিচাৰো।তেওঁ ইউক্ৰেইনে প্ৰাৰম্ভিক ভাৱে ৩০ দিনৰ যুদ্ধ বিৰতিত সন্মতি প্ৰদান কৰাৰ এই পদক্ষেপক ডাঙৰ পদক্ষেপ আখ্যা দিছে।ট্ৰাম্পে কয়, মই ভাবো অভাল অফিচলৈ শেষবাৰৰ বাবে জেলেনস্কিয়ে কৰা ভ্ৰমণৰ পাছত বহু পাৰ্থক্য আহিছে। সেয়েহে যুদ্ধবিৰতিত ইউক্ৰেইনে সন্মতি দিছে। আশাকৰোঁ ৰাছিয়াই ইয়াত সন্মতি দিব। পৰৱৰ্তী সময়ত আমি তেওঁৰ সৈতে সাক্ষাৎ কৰিম। যুদ্ধ বিৰতি অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবো। যদি আমি ৰাছিয়াক যুদ্ধ বিৰতৰি বাবে সন্মত কৰিব পাৰো তেন্তে সেয়া বৰ ভাল হ’ব৷ যদি আমি সেয়া কৰিব নোৱাৰো তেন্তে এই যুদ্ধই মানুহক হত্যা কৰিব, বহুত মানুহে প্ৰাণ হেৰুৱাব।উল্লেখ্য যে, মঙ্গলবাৰে অনুষ্ঠিত হোৱা বৈঠকত আমেৰিকাই তাৎক্ষিক অন্তৱৰ্তীকালীন ৩০ দিনৰ যুদ্ধ বিৰতিৰ প্ৰস্তাৱ ৰাখিছিল। ইউক্ৰেইনে এই প্ৰস্তাৱলৈ সন্মতি প্ৰদান কৰি ৩০ দিনৰ যুদ্ধ বিৰতি মানি লৈছে। তাৰ পাছতে ট্ৰাম্পে এইদৰে মুকলিকৈ মন্তব্য কৰিছে। এতিয়া যুদ্ধ বিৰতিৰ গোটেই প্ৰক্ৰিয়াটো ৰাছিয়াৰ ওপৰতেই নিৰ্ভৰ কৰিছে। ৰাছিয়াৰৰ পুটিনেও যদি এই যুদ্ধ বিৰতিৰ প্ৰস্তাৱ স্বীকাৰ কৰে তেন্তে পাৰস্পৰিক সহযোগিতা আৰু সহমতৰ জৰিয়তে স্থায়ী শান্তিৰ বাকীবোৰ কামকাজ পৰ্যায়ক্ৰমে আগুৱাই নিব পাৰিব।আমেৰিকাই নিশ্চিত কৰিছে তেওঁলোকে তৎক্ষণাত চোৰাংচোৱা তথ্য বিনিময়ৰ ক্ষেত্ৰত শেহতীয়াকৈ আৰোপ কৰা স্থগিতাদেশ আঁতৰাই ইউক্ৰেইনক নিৰাপত্তা সাহায্যও পুনৰ প্ৰদান কৰিব।ছৌদি আৰবৰ জেদ্দাত অনুষ্ঠিত হোৱা বৈঠকৰ পাছতে আমেৰিকা-ইউক্ৰেইনৰ যৌথ বিবৃতিত কয় যে, “আমেৰিকাই ৰাছিয়াক যোগাযোগ কৰিব। ৰাছিয়াৰ পাৰস্পৰিকতাই হৈছে শান্তি অৰ্জনৰ চাবিকাঠি। আমেৰিকাই তৎক্ষণাত চোৰাংচোৱা তথ্য বিনিময়ৰ ক্ষেত্ৰত বিৰতি আঁতৰাই ইউক্ৰেইনলৈ নিৰাপত্তা সাহায্য পুনৰ আৰম্ভ কৰিব।’
বৈঠকৰ সময়ত দুয়োখন দেশৰ প্ৰতিনিধি দলে শান্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মানৱীয় সাহায্য প্ৰচেষ্টাৰ গুৰুত্বৰ বিষয়ে আলোচনাও কৰিছে। বিশেষকৈ যুদ্ধবিৰতিৰ সময়ত, যুদ্ধবন্দীৰ বিনিময়, অসামৰিক বন্দীসকলক মুকলি কৰি দিয়া, বলপূৰ্বকভাৱে বদলি কৰা ইউক্ৰেইনৰ শিশুসকলক ঘূৰাই অনা আদি মানৱীয় সাহায্যসমূহ অন্তৰ্ভুক্ত হৈছে।দুয়োটা প্ৰতিনিধি দলে তৎক্ষণাত ইউক্ৰেইনৰ দীৰ্ঘম্যাদী নিৰাপত্তাৰ ব্যৱস্থা কৰা স্থায়ী শান্তিৰ দিশত আলোচনা আৰম্ভ কৰিবলৈ সন্মত হয়। ৰাছিয়াৰ প্ৰতিনিধিৰ সৈতে এই নিৰ্দিষ্ট প্ৰস্তাৱসমূহৰ বিষয়ে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিছে আমেৰিকাই। ইউক্ৰেইনৰ প্ৰতিনিধি দলটোৱে পুনৰ কয় যে শান্তি প্ৰক্ৰিয়াত ইউৰোপীয় অংশীদাৰসকলো জড়িত হ’ব।ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতিনিধিয়ে নিজৰ জাতিৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইউক্ৰেইনৰ জনসাধাৰণৰ সাহসক প্ৰশংসা কৰি এই কথাত সন্মত হয় যে এতিয়াই স্থায়ী শান্তিৰ দিশত এক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়। ইউক্ৰেইনৰ প্ৰতিনিধি দলটোৱে শান্তিৰ দিশত অৰ্থপূৰ্ণ অগ্ৰগতি সম্ভৱপৰ হোৱাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, আমেৰিকাৰ কংগ্ৰেছ আৰু আমেৰিকাৰ জনসাধাৰণৰ প্ৰতি ইউক্ৰেইনৰ জনসাধাৰণৰ কৃতজ্ঞতাও উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *