...

২৬খন ৰাফেল জেটৰ বাবে ৬৪ হাজাৰ কোটি টকাৰ মেগা চুক্তি

Spread the love

৬৪ হাজাৰ কোটি টকাৰ মেগা চুক্তি
২৬খন ৰাফেল জেট আহিব ভাৰতলৈ

 

চাইন অন ডেস্কঃ

ভাৰত মহাসাগৰ অঞ্চলত চীনৰ নৌ-সেনাৰ নিৰন্তৰ আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। সাগৰীয় পথেৰে চীনৰ নৌ- সেনাৰ এই আগ্ৰাসনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি, ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ফ্ৰান্সৰ সৈতে ২৬খন ৰাফেল-মেৰিন যুঁজাৰু বিমান প্ৰত্যক্ষভাৱে অধিগ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্ত মৰ্মে ইতিমধ্যে ফ্ৰান্সৰ সৈতে ৬৩,৮৮৭ কোটি টকাৰ মেগা চুক্তিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।

জানিব পৰা মতে, এই চুক্তিৰ আধাৰত ভাৰতে লাভ কৰিব ২২খন একক আসনযুক্ত ৰাফেল বিমান। একেদৰে দুখন আসনযুক্ত ৪খন মেৰিন। এই ৰাফেল আৰু মেৰিন অনাগত ৩৭ মাহৰ পৰা ৬৫ মাহৰ ভিতৰত ডেলিভেৰী দিয়াৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, এই ৰাফেল আৰু মেৰিন কেইখনে সামুদ্ৰিক আক্ৰমণ, বায়ু প্ৰতিৰক্ষা আৰু গোপন অভিযানৰ ক্ষেত্ৰত সহায় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *