...

সাতবিহুত হিন্দী গীত নাগাব: পৰেশ বৰুৱাৰ আন্তৰিক আহ্বান

Spread the love

চাইন অন ডেক্সঃ

বিহুত হিন্দী গীত পৰিহাৰ কৰক— এইবাৰ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ ভাবুকি নহয়, অসমৰ বিহু কমিটী আৰু শিল্পীসকললৈ ‘আন্তৰিক আহ্বান’ ৷ “বিহুৰ অনুষ্ঠানত হিন্দী গীতৰ পয়োভৰ নচলিব । সাতবিহুত শিল্পীসকলে নাগাব হিন্দী গীত ৷ ব’হাগৰ ৭ দিনত হিন্দী গীতৰ অনুমতি কমিটীসমূহে বাতিল কৰক ৷”— এইদৰে স্বকীয়তাক বিসর্জন দিয়া ৰাজ্যৰ বিহু সমিতিলৈ আহ্বান আলফা স্বাধীনৰ ৷

বিহুৰ মাননিক লৈ সমাজিক মাধ্যমৰ এজন বিতৰ্কিত ইনফ্লুৱেন্সাৰে অসমৰ শিল্পী সমাজৰ প্ৰতি অশালীন ভাষা প্ৰয়োগ কৰা কাৰ্যক লৈ বিভিন্ন ঠাইত বহুসংখ্যক শিল্পীয়ে গোচৰ ৰুজু কৰিছে । ইয়াকে লৈ ৰাজ্যৰ শিল্পী সমাজ উত্তাল হৈ থকাৰ সময়তে আলফা স্বাধীনে বিহুৰ সাত দিনত বিহু অনুষ্ঠানত হিন্দী গীত বাতিল কৰিবলৈ বিহু কমিটীসমূহক আহ্বান জনাই সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে । শিল্পীসকলকো জনাইছে অনুৰূপ আহ্বান । নিষিদ্ধ ঘোষিত সংগঠনটোৰ সহঃপ্ৰচাৰ সম্পাদক ঈশান অসমে বৃহস্পতিবাৰে প্ৰেৰণ কৰিছে এই বিবৃতি ৷

আলফা স্বাধীনে মন্তব্য কৰিছে যে হিন্দী গীত বিহুৰ সৈতে কেতিয়াও সংপৃক্ত নহয় । হিন্দী গীতক প্রাধান্য দিলে অসমীয়া প্ৰাণৰ স্পন্দন বিহু জাতীয় উৎসৱ হৈ নাথাকিব ৷ বিহুৰ উৰ্ধত কোনো সমিতি বা কণ্ঠশিল্পী হ’ব নোৱাৰে । সেয়ে সাতবিহুৰ দিন কেইটাত অসমৰ শিল্পী সমাজে বিহু অনুষ্ঠানত হিন্দী গীত গোৱাটো বাতিল কৰিব লাগে বুলি সংগঠনটোৰ আহ্বান ।

আলফা স্বাধীনৰ তৰফৰ পৰা কোৱা হৈছে, “সকলোতে এতিয়া ৰঙালীক আদৰৰ ভীষণ ব্যস্ততা ৷ বাদ পৰা নাই বিভিন্ন বিহু সন্মিলনী আয়োজক সমিতিসমূহ ৷ এই ব্যস্ততাৰ মাজতে ব’হাগ বিহুৰ তাৎপৰ্য আৰু স্বকীয়তা আমি মনত ৰখা ভাল, যিয়ে থলগিৰি জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰি আহিছে ৷ কিন্তু শেহতীয়াকৈ বিহু সন্মিলন আয়োজনৰ নামত একাংশ বিহু সমিতিয়ে বিহুৰ স্বকীয়তাক বিসৰ্জন দি হিন্দী গীতৰ পয়োভৰ ঘটোৱাৰ যো-জা চলাইছে, ই কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ ইয়াৰ বিৰুদ্ধে ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]’ সংগঠনে পূৰ্বতেও কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে ৷ কিয়নো হিন্দী গীত বিহুৰ সৈতে কোনো ফালৰ পৰাই সংপৃক্ত নহয় ৷ পশ্চিমীয়া বিজতৰীয়া সংস্কৃতিৰ আগ্ৰাসনে ক্ৰমান্বয়ে সংকুচিত কৰি অনা থলগিৰি আয়ুস স্বৰূপ বিহুটিৰ মাজতো যদি হিন্দী গীতক প্ৰাধান্য দিব লগা হয় তেনেহ’লে বিহুটি আৰু অসমৰ থলগিৰিৰ জাতীয় উৎসৱ হৈ নাথাকিব আৰু ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]’ সংগঠনে তেনে হ’বলৈ দিব নোৱাৰে ৷ পাহৰি যোৱা অনুচিত যে একোটা জাতি আৰু জাতীয় সংস্কৃতিৰ উৰ্দ্ধত কোনো বিহু সমিতিৰ বিষয়ববীয়া অথবা কোনো কণ্ঠশিল্পী বা গায়ক-গায়িকা হ’ব নোৱাৰে ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *