- অসম আৰক্ষীক সমালোচনা কংগ্ৰেছৰ
চাইন অন ডেস্কঃ কংগ্ৰেছৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ঋতম সিঙক আজি গুৱাহাটীৰ বাসগৃহৰ পৰাই আৰক্ষীয়ে যুদ্ধ সদৃশ এক পৰিস্থিতিৰ মাজেৰে গ্ৰেপ্তাৰ কৰে। লখিমপুৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত লখিমপুৰৰ পৰা অহা এটা আৰক্ষীৰ দলে পল্টন বজাৰ আৰক্ষীৰ সহযোগত ঋতমক তেওঁৰ উলুবাৰীস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।
অভিযোগ অনুসৰি কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ প্ৰসংগত কিছু আপত্তিজনক মন্তব্য কৰিছিল। তাৰ পাছতেই মানৱ ডেকাৰ পত্নীৰ পৰিয়ালে ঋতম সিঙৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী থানাত ৯১/২০২৫ নম্বৰত ৰুজু কৰে এক গোচৰ।
এই গোচৰতে তেওঁক আইনৰ U/S-356(2) of BNS R/W Sec 67 IT Act, 2000 R/W Sec 3(1) (r)/3(1)(s)/3(1)(u)/3(1)(v) of SC/ST Act, 1989 ধাৰাত আজি গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে ঋতম সিঙক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ বাসগৃহত আৰক্ষী প্ৰবেশ কৰাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
কংগ্ৰেছ কৰ্মীসকলে সাংসদ গৌৰৱ গগৈৰ সৈতে ঋতম সিঙৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে। অৱশ্যে তাৰ মাজতে আৰক্ষীয়ে ঋতম সিঙক তেওঁৰ বাসগৃহৰ পৰাই চোচৰাই টানি লৈ যায়।
অভিযোগ অনুসৰি কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে এক্স হেণ্ডেলত ১৩ মাৰ্চ, ২০২৫ ত বিধায়ক মানৱ ডেকাক বশিষ্ঠ আৰক্ষী থানাৰ এটা গোচৰৰ কথা সোঁৱৰাই তেওঁক ধৰ্ষণকাৰী আখ্যা দিছিল। তাৰোপৰি তেওঁ বিধায়ক হৈ থকাৰ আঁৰত তেওঁৰ টেক্স কমিছনাৰ শহুৰ বুলিও উল্লেখ কৰিছিল।