...

মিঞা-তিঞা কিম্বা পাকিস্তানী কোৱাটো বেয়া দেখি যদিও ই অপৰাধ নহয়

Spread the love

উচ্চতম ন্যায়ালয়

কাৰোবাক মিঞা কিম্বা পাকিস্তানী কোৱাটো অপৰাধ নহয়

নতুন দিল্লী,৫ মার্চঃ কাৰোবাক
মিঞা-তিঞা কিম্বা পাকিস্তানী কোৱাটো বেয়া দেখি যদিও ই অপৰাধ নহয়। অর্থাৎ এই ব্যৱহাৰে ধৰ্মীয় অনুভূতিত আঘাত কৰাটো নুবুজায়। উচ্চতম ন্যায়ালয়ে কালি এক শুনানি গ্রহণ কৰি এই মত ব্যক্ত কৰে।সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিভি নাগাৰত্না আৰু সতীশ চন্দ্র শৰ্মাৰ বিচাৰপীঠে এজন ব্যক্তিয়ে চৰকাৰী কৰ্মচাৰীক পাকিস্তানী বোলাৰ অভিযোগৰ শুনানি গ্রহণ কৰি উল্লিখিত মত ব্যক্ত কৰাৰ লগতে এই গোচৰটো বন্ধ কৰে। ঝাৰখণ্ডৰ এজন উর্দু অনুবাদক তথা কার্যালয় সহায়কাৰীয়ে দাখিল কৰা অভিযোগৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে কয় যে নিঃসন্দেহে এই বক্তব্যই বেয়া আচৰণ দেখুৱায়। অৱশ্যে এই আচৰণে কোনো ধর্মীয় অনুভূতিত আঘাত কৰাটো নুবুজায়। গতিকে, আইপিচি ধাৰা ২৯০ৰ অধীনত আবেদনকাৰীৰ এই অভিযোগ খাৰিজ কৰা হৈছে। মন কৰিবলগীয়া যে তথ্য জনাৰ অধিকাৰ আবেদনত এজন ব্যক্তিয়ে নিজৰ ধৰ্ম আৰু তেওঁৰ চৰকাৰী সেৱাৰ বৰ্ণনা কৰাৰ পাছত আৰটিআইৰ কাৰ্যালয়ে ব্যক্তিজনক মিঞা-তিঞা কিম্বা পাকিস্তানী বুলি ব্যৱহাৰ কৰিছিল। সেই ব্যক্তিজনে পাছলৈ উল্লিখিত আৰটিআইৰ কাৰ্যালয়ৰ তথ্যৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *