...

মবাইলৰ পৰা টকা নোযোৱা হল ?

Spread the love

সমগ্ৰ দেশতে হঠাতে বন্ধ হৈ পৰিল UPI সেৱা !

সমস্যাত ব্যৱহাৰকাৰী

দেশজুৰি বন্ধ হৈ পৰিল ইউ পি আই সেৱা

যাৰ ফলত ব্যৱহাৰকাৰীৰ আৰ্থিক লেনদেনত সমস্যা

চাইন অন ডেক্সঃ
সমগ্ৰ ভাৰতত ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) সেৱা বন্ধ হৈ থকাৰ বাবে ব্যৱহাৰকাৰীসকলে ডিজিটেল লেনদেন কৰাত সমস্যাৰ সন্মুখীন হৈছে । UPI ৰ কাম-কাজ চোৱাচিতা কৰা ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে (এনপিচিআই) এই বিষয়টো সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বক্তব্য প্ৰকাশ কৰা নাই যদিও ব্যৱহাৰকাৰীসকলে ধনৰ লেন-দেন কৰিব নোৱাৰাৰ লগতে একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে ।

ব্যৱহাৰকাৰীসকলে QR ক’ড স্কেনিঙৰ জৰিয়তে বা পোনপটীয়াকৈ ইউপিআই-লিংক কৰা ফোন নম্বৰ বা ইউপিআই আইডিলৈ প্ৰেৰণ কৰাৰ জৰিয়তে পেমেণ্ট কৰিবলৈ চেষ্টা কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হৈছে । সমস্যাটো UPI চাৰ্ভাৰসমূহৰ সৈতে সংযুক্ত যেন ধাৰণা কৰা হৈছে ।

এনপিচিআইয়ে X যোগে এই সমস্যাটো স্বীকাৰ কৰি কয়, “NPCI বৰ্তমান কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে, যাৰ ফলত ইউপিআইৰ লেনদেন আংশিকভাৱে হ্ৰাস হৈছে । ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আমি দুঃখিত ।” এনপিচিআইয়ে লগতে কয় যে আমি সমস্যাটো সমাধানৰ বাবে কাম কৰি আছো আৰু আপোনালোকক অৱগত কৰি থাকিম ।

Downdetector ৰ মতে, UPI চাৰ্ভাৰৰ সমস্যা আৰম্ভ হৈছিল প্ৰায় পুৱা 11:30 বজাত । ইউপিআই ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীয়ে বাস্তৱ সময়ত সন্মুখীন হোৱা সমস্যা সংক্ৰান্তীয় অভিযোগো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ডাউনডিটেক্টৰৰ মতে ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ দেশজুৰি । ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ব্যৱহাৰকাৰীয়ে এই সমস্যাৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *