...

ভাৰতৰে ‘বন্ধু’ দ্বীপৰাষ্ট্ৰৰ সহযোগিতা বৃদ্ধিত গুৰুত্ব

Spread the love
  • মৰিছাছত সর্বোচ্চ সন্মান প্রদান মোদীক

পট লুইছ,১৩মার্চঃ দুদিনীয়া ভ্রমণসূচীৰে মৰিছাছত কালিয়েই উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। ভাৰতৰ প্রধানমন্ত্রী মোদীক দেশখনৰ সর্বোচ্চ অসামৰিক সন্মান আগবঢ়ায় ৰাষ্ট্ৰপতি ধৰম গোখুলে। ইয়াৰ পূৰ্বে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী প্রবীন্দ কুমাৰ যুগনাথৰ সৈতে আলোচনাত মিলিত হয় মোদী। ভাৰত-মৰিছাছৰ সহযোগিতা সম্পর্কত বিভিন্ন বিষয় আলোচনা কৰে দুয়োগৰাকী নেতাই। অর্থনীতিৰ পৰা সামাজিক, শৈক্ষিক তথা আন্তঃগাঁথনি আদি ক্ষেত্রলৈকে দেশখনৰ নেতাসকলৰ সৈতে আলোচনা কৰে মোদীয়ে। ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত মোদীয়ে উল্লেখ কৰিছে যে প্রাক্তন প্রধানমন্ত্রী যুগনাথৰ সৈতে বিভিন্ন বিষয় লৈ সুন্দৰ আলোচনা হৈছিল। ইয়াৰ পিছত মৰিছাছৰ বিৰোধী দলৰ নেতাৰ সৈতেও আলোচনাত মিলিত হয় মোদী। ইয়াৰ পূৰ্বে দেশখনৰ ৰাষ্ট্ৰীয় দিৱসত অতিথি হিচাপে অংশগ্রহণ কৰি মৰিছাছবাসীক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে প্রধানমন্ত্ৰীগৰাকীয়ে। মৰিছাছৰ প্রধানমন্ত্রী নবীন চন্দ্র বামগুলামে প্রধানমন্ত্রী মোদীক আদৰণি জনোৱা বিভিন্ন ভিডিঅ’ তথা আলোকচিত্র ইতিমধ্যে সংবাদ মাধ্যমত বিয়পি পৰিছে। লক্ষণীয়ভাৱে মৰিছাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত মৰিছাছ ভাৰতৰ আস্থাৰ বন্ধু বুলিও উল্লেখ কৰে মোদীয়ে। দুয়োখন দেশে গ্ল’বেল ছাউথৰ উন্নয়নৰ বাবে একেলগে কাম কৰি যাব বুলি মোদীয়ে ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *