...

বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণত ১০ পাকিস্তানী সেনা নিহত

Spread the love

বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণত ১০ পাকিস্তানী সেনা নিহত

ভাৰতৰ সতেও সংঘাতত লিপ্ত চিৰ বৈৰী পাকিস্তান !

 

চাইন অন ডেস্কঃ
বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণত ১০ পাকিস্তানী সেনা নিহত।ভাৰতৰ সতেও সংঘাতত লিপ্ত চিৰ বৈৰী পাকিস্তান।

শুকুৰবাৰে কুৱেটাত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আই ই ডি আক্ৰমণত নিহত হয় ১০ পাকিস্তানী সেনা জোৱান। কুৱেটাৰ উপকণ্ঠ অঞ্চল মাৰ্গাটত পাকিস্তানী সেনাৰ কনভয়ক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণৰ ফলত এই পাক সেনা জোৱান কেইজন নিহত হৈছে।

ইয়াৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। সংগঠনটোৰ ফালৰ পৰা এই সন্দৰ্ভত কয়, বেলুচ লিবাৰেশ্যন আৰ্মীৰ যোদ্ধাসকলে ৰিম’ট কণ্ট্ৰ’লড ডিভাইচ ব্যৱহাৰ কৰি সেনাৰ কনভয়ক লক্ষ্য কৰি লৈছিল।

বি এল এৰ মুখপাত্ৰ জিয়ান্দ বেলুচৰ এক বিবৃতিত কোৱা হৈছে যে বিস্ফোৰণত শত্ৰুৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়, য’ত চুবেদাৰ শ্বেহজাদ আমিন, নাইব চুবেদাৰ আব্বাছ, চিপাহী খলিল, চিপাহী জাহিদ, চিপাহী খুৰৰাম ছালিমকে ধৰি ১০ জন জোৱানৰ মৃত্যু হয়। বি এল এই আগন্তুক দিনত পাকিস্তানী সেনাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হ’ব বুলিও সকীয়াই দিয়ে।

এই বিবৃতিত আৰু কোৱা হৈছে যে আমাৰ স্বাধীনতাৰ যুঁজখন অব্যাহত থাকিব। আমি আমাৰ সকলো শক্তিৰে শত্ৰুক লক্ষ্য কৰি যাম। উল্লেখ্য যে, বেলুচিস্তানত পাকিস্তান সেনাৰ বিৰুদ্ধে ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে।

শেহতীয়া এই আক্ৰমণে অঞ্চলটোত চলি থকা উত্তেজনাক এক নতুন ৰূপ দিছে। ইয়াৰ পূৰ্বৰ দিনটোত বৃহস্পতিবাৰে বি এল এয়ে কৰা আক্ৰমণত বেলুচিস্তানত পৃথক পৃথক আক্ৰমণত পাকিস্তান সেনাবাহিনীৰ ৭ জন জোৱান নিহত হোৱাৰ লগতে ৪ জন আহত হৈছিল।

জামুৰাণ, কলৱাহ আৰু কালাট জিলাত এই আক্ৰমণ সংঘটিত হৈছিল। সংগঠনটোৱে এক বিবৃতিত কয় যে কিছুমান স্থানত নিৰাপত্তাৰক্ষী চকীও তেওঁলোকৰ দখললৈ নিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *