...

বেলুচ বিদ্ৰোহীৰ তীব্ৰ প্ৰত্যাহ্বান

Spread the love

পৰৱৰ্তী লক্ষ্য ইছলামাবাদ, লাহোৰ, ৰাৱালপিণ্ডি

চাইন অন ডেস্কঃ পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ জাফৰ এক্সপ্ৰেছ হাইজেক হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি দেশখনত উত্তেজনা অব্যাহত আছে। এই ঘটনাৰ পাছতে পাক সেনাই বেলুচ বিদ্ৰোহীৰ ওপৰত সৰ্ব শক্তি প্ৰয়োগ কৰি আক্ৰমণ কৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।

পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমে দাবী কৰা অনুসৰি ৰেল হাইজেক কৰা বিদ্ৰোহীসকল পাক সেনাৰ আক্ৰমণৰ সন্মুখীন হ’ব পাৰে। বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে হাইজেক কৰা ৰে’লৰ পৰা উদ্ধাৰ হোৱা যাত্ৰীসকলক সাক্ষাৎ কৰিবলৈ বেলুচিস্তান ভ্ৰমণ কৰে।

তেওঁ কয় যে এনে কাম কৰি কোনেও পাকিস্তানৰ শান্তিৰ পদক্ষেপ ধ্বংস কৰিব নোৱাৰে। ইফালে বেলুচ বিদ্ৰোহীয়ে পাক সেনাই কিবা কাৰণত তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকেও প্ৰতিশোধ ল’বলৈ কুণ্ঠাবোধ নকৰে বুলি সকিয়াই দিছে।

বেলুচ বিদ্ৰোহী গোটৰ এগৰাকী শীৰ্ষ নেতাই আল জাজিৰাৰ আগত এই দাবী উত্থাপন কৰি কয় যে, যদি আমাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তেন্তে আমাৰ পৰৱৰ্তী লক্ষ্য হ’ব ইছলামাবাদ, লাহোৰ বা ৰাৱালপিণ্ডি।

বিদ্ৰোহী গোটৰ নেতাগৰাকীয়ে দাবী কৰি কয়, পাকিস্তানী সেনাই বেলুচ শিশুক নৃশংসভাৱে অত্যাচাৰ চলাই আহিছে। মহিলাক ধৰ্ষণ কৰিছে। এইবাৰ যদি পাকিস্তানী সেনাই এনে কাম কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকেও তাৰ প্ৰতিশোধ ল’বলৈ সাজু।
বেলুচ লিবাৰেশ্যন আৰ্মীৰ অধিনায়কগৰাকী সকীয়াই দি কয় যে, যদিহে বেলুচসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হয় তেন্তে তেওঁলোকেও তাৰ বিকল্প পদ্ধতিৰ আশ্ৰয় ল’ব। তেওঁ কয়, আমাৰ মানুহক হত্যা কৰিলে আমিও পাকিস্তানী সৈন্যকো হত্যা কৰিম।

অধিনায়কগৰাকীয়ে স্পষ্টকৈ কয়, যদি পাকিস্তানী সেনাই তেওঁলোকক অত্যাচাৰ কৰিবলৈ চেষ্টা কৰে, যদি তেওঁলোকৰ মানুহক হত্যা কৰে, তেন্তে বিদ্ৰোহীৰ পৰৱৰ্তী লক্ষ্য হ’ব ইছলামবাদ। তেওঁ আৰু সকীয়াই দিয়ে যে পাকিস্তান সেনাই সময় থাকোতেই নিজকে সংশোধন কৰাৰ চেষ্টা কৰক। নহ’লে ইয়াৰ পৰিণতি আৰু ভয়াৱহ হ’ব।

উল্লেখ্য যে, যোৱা মঙলবাৰে বেলুচিস্তানৰ বোলানৰ মাছকাফ সুৰংগত বেলুচ বিদ্ৰোহীয়ে জাফৰ এক্সপ্ৰেছ হাইজেক কৰিছিল।প্ৰায় ৩০ ঘণ্টা ধৰি চলি থকা পাকিস্তানী সেনাৰ অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় এই ৰেলখনৰ যাত্ৰীসকলক।

এই অভিযানত সকলো বিদ্ৰোহী নিহত হোৱা বুলি দাবী কৰিছে পাকিস্তানী সেনাই। তাৰ বিপৰীতে সংঘৰ্ষত ৩০ জন পাকিস্তানী সেনাৰ জোৱান নিহত হোৱা বুলি দাবী কৰিছে বেলুচিস্তানৰ বিদ্ৰোহী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *