...

বেলুচিস্তানত ৰে’ল অপহৰণ!

Spread the love

উদ্ধাৰৰ বাবে বিদ্ৰোহীৰে সেনাৰ সংঘৰ্ষঃ ১০০ ৰো অধিক লোকৰ জীৱন বিপদাপন্ন

যাত্ৰীবাহী ৰে’লখন উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে

চাইন অন ডেস্ক,১২মাৰ্চঃ বেলুচ বিদ্ৰোহীয়ে কালি এখন যাত্ৰীবাহী ৰেল হাইজেক কৰি ১০০ৰো অধিক লোকক হত্যা কৰাৰ খবৰ বিয়পি পৰিছে।উক্ত ৰেলখন উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে। সংবাদ প্ৰতিস্থানৰ বাতৰি মতে মঙ্গলবাৰে নিশা ঘটনাস্থলীত নিৰাপত্তা বাহিনীৰ দল উপস্থিত হোৱাৰ পাছতে দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী লাগে।এনে পৰিস্থিতিত বেলুচ বিদ্ৰোহী গোট বেলোচ লিবাৰেচন আৰ্মীৰ দ্বাৰা অপহৃত ৪০০ ৰো অধিক ৰেল যাত্ৰীৰ জীৱন বিপদাপন্ন হৈ পৰাৰ আশংকা কৰা হৈছে। সেনাই শীঘ্ৰেই এই অভিযান বন্ধ কৰিলে পণবন্দীসকলক হত্যা কৰা হব বুলিও বিদ্ৰোহী গোটটোৱে স্পষ্ট কৰি দিছে।
মঙলবাৰে নিশা বেলুচিস্তান প্ৰাদেশিক চৰকাৰে কয় যে এটা উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হৈছে। পাকিস্তানী সেনাই দাবী কৰিছে যে, বেলুচ বিদ্ৰোহীয়ে কমেও ৪০০ জন লোকক পণবন্দী কৰি লৈছে। লগতে ৰেলখনৰ যাত্ৰী হিচাপে থকা ২০ জন জোৱান আৰু অৰ্ধসামৰিক জোৱানকো হত্যা কৰিছে।তথ্য অনুসৰি মঙলবাৰে পুৱা প্ৰায় ৯ বজাত বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ পৰা খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ ৰাজধানী পেছাৱাৰলৈ যোৱা জাফৰ এক্সপ্ৰেছ বি এল এ(বেলুচ) বিদ্ৰোহীয়ে হাইজেক কৰে।
পাকিস্তানৰ ৰেলৱেৰ বিষয়া মহম্মদ কাছিফে জানিবলৈ দিয়া মতে, ৯ টা দবাৰ ৰেলখনত প্ৰায় ৫০০ যাত্ৰী আছিল। ইয়াৰে ৪০০ৰো অধিক লোকক পণবন্দী কৰি ৰখা হৈছে। বি এল এয়েও এক বিবৃতিত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি শতাধিক যাত্ৰীক পণবন্দী কৰি লোৱা বুলি উল্লেখ কৰে।ৰয়টাৰ্ছৰ মতে মতে, ৰে’লত থকা কমেও ছয়জন পাকিস্তানী জোৱানক বেলুচ বিদ্ৰোহীয়ে হত্যা কৰিছে। গুলীচালনাত আহত হয় ৰে’ল চালকজনো। বেলুচিস্তানত সেৱা আগবঢ়োৱা সেনা আৰু ফ্ৰন্টিয়াৰ কৰ্পছৰ সদস্যসকলে নিয়মিতভাৱে সেই ৰে’লত যাত্ৰা কৰে।সেয়েহে বহুতে সন্দেহ কৰে যে এনে কাৰণতেই বেলুচ বিদ্ৰোহীয়ে এই ৰেলখন লক্ষ্য কৰি লৈছিল।উদ্ধাৰকাৰী সৈন্যক বাধা দিবলৈ বিদ্ৰোহী বেলুচ যোদ্ধাসকলে ৰেলপথৰ এটা অংশ বিস্ফোৰণ কৰি ধ্বংস কৰিছে। বেলুচিস্তান চৰকাৰৰ মুখপাত্ৰ শ্বাহিদ ৰিন্দে অভিযোগ কৰে যে অস্ত্ৰধাৰী বেলুচ বিদ্ৰোহীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ সময়তে ৰে’লখন নিয়ন্ত্ৰণ কৰিছিল।
হঠাৎ হোৱা আক্ৰমণ ৰোধ কৰিবলৈ হাইজেক কৰা ৰেলখন পাহাৰেৰে আগুৰি থকা ৰেল লাইনৰ ৮ নং সুৰংগৰ ভিতৰলৈ লৈ যোৱা হয়। আশংকা কৰা হৈছে যে তেওঁলোকে ৰেলখনত উচ্চ ক্ষমতাসম্পন্ন বিস্ফোৰকো স্থাপন কৰিছে।কাছচী বোলানৰ জিলা আৰক্ষী অধীক্ষকে আশংকা কৰিছে যে বেলুচ বিদ্ৰোহীয়েও অঞ্চলটোৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ ৬৫তো আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। সেয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে নিৰাপত্তা বাহিনীয়ে।এতিয়ালৈ সমগ্ৰ অঞ্চলটো গোলা-বাৰুদৰ ধোঁৱাই ছানি ধৰিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *