খঙতে গুলীয়ালে দৰাৰ পিতৃক
চাইন অন ডেক্সঃ
বিয়া বুলি ক’লে কইনা-দৰাৰে নহয়, গোটেই ঘৰখন, পৰিয়ালৰ লগতে মিতিৰ কুটুমৰ মাজতো লাগে উথপ-থপ ৷ বিয়াত কোনে কি কৰিব সেই লৈ সকলোৰে আৰম্ভ হয় বিবিধ পৰিকল্পনা ৷
বিয়াৰ সকলো দায়িত্ব সকলোকে ভগাই দিছে যদি বাৰু ঠিকেই হৈছে, কিন্তু বিয়াৰ বাবে নিমন্ত্ৰণ দিয়া ব্যক্তিজনক ভালকৈ সকলো বুজাই বহাই ল’ব – কাক কাক মাতিব ! কিয়নো বিয়ালৈ বুলি নিমন্ত্ৰণ নাপাই এজন যুৱকে আন এজন লোকক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰে ৷
ঘটনাটো অসমৰ নহয় ! গাজিয়াবাদৰহে
ঘটনাৰ বিৱৰণি অনুসৰি, চনো নামৰ লোকজনৰ ঘৰত আছিল তেওঁৰ পুত্ৰৰ বিবাহৰ অনুষ্ঠান ৷ যাৰ বাবে কালি (২০ মাৰ্চ, বৃহস্পতিবাৰ) চনোৰ ঘৰত হৈ আছিল কিছু মাংগলিক ৰীতি-নীতি ৷ তেনে সময়তে ৰভাতলীত উপস্থিত হয় চনোৰ কাষৰীয়া বংশ আৰু তেওঁৰ বন্ধু তৰুণ ৷ এই বিয়ালৈ বুলি চনোৱে বংশক নিমন্ত্ৰণ নিদিয়াৰ বাবেই দুয়োৰে মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷
আনকি এটা সময়ত নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰি বংশে চনোক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰে ৷ এই গুলীচালনাৰ ফলত চনোৰ বাওঁহাতত গুলী লাগে ৷ পৰৱৰ্তী সময়ত সকলোৰে তৎপৰতাত আহত লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই চেগ বুলি উক্ত স্থানৰ পৰা পলায়ন কৰে বংশ আৰু তেওঁৰ বন্ধু তৰুণ ৷
সহকাৰী আৰক্ষী আয়ুক্ত সিদ্ধাৰ্থ গৌতমে কয়, ২০ মাৰ্চৰ দিনা মেণ্ডোলা আউটপোষ্ট এলেকাত অৱস্থিত আছৰা-২ ছ’চাইটিত এজন ব্যক্তিক গুলীওৱাৰ তথ্য লাভ কৰা হয় । এই খবৰ লাভ কৰাৰ পিছত সেই স্থানত আৰক্ষী উপস্থিত হয় ৷ জানিব পৰা মতে, ভুক্তভোগীৰ ঘৰত সেইদিনা হালধী (হিন্দী ভাষী লোকসকলে বিবাহৰ পূৰ্ব হালধী সনাৰ নিয়ম) অনুষ্ঠান আছিল ৷ হালধী সনা এই অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰা নাছিল অভিযুক্তই, যাৰ বাবে তেওঁ এজন বন্ধুৰ সৈতে উক্ত স্থানত উপস্থিত হয় আৰু বিপৰীত পক্ষৰ লগত কাজিয়াত লিপ্ত হয় ৷ পৰৱৰ্তী সময়ত অভিযুক্তই লগত নিয়া মাৰনাস্ত্ৰৰে ভুক্তভোগীগৰাকীক গুলী কৰে ৷ বৰ্তমান ভুক্তভোগী লোকজন চিকিৎসালয়ত আছে ৷ বৰ্তমান তেওঁৰ অৱস্থা পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে ।
পলায়ন কৰা অভিযুক্তক আটক কৰিবলৈ কেবাটাও গোট গঠন কৰা হৈছে । শীঘ্ৰে আৰক্ষীৰ জালত পৰিব অভিযুক্ত কেইটা ৷