...

বিতর্কিত ব্রিজ ভূষণৰ ঘনিষ্ঠ সহযোগীৰ হাততে থাকিল ক্ষমতা

Spread the love

ভাৰতীয় মল্লযুঁজ সন্থাৰ ওপৰত থকা নিষেধজ্ঞা প্রত্যাহাৰ কেন্দ্ৰীয় চৰকাৰৰ

নতুন দিল্লী,১২মার্চঃ ভাৰতীয় মল্লযুঁজ সন্থাৰ ওপৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে। অর্থাৎ সকলো ক্ষমতা এতিয়া সঞ্জয় সিঙৰ হাতত থাকিব। যিজন যৌন নির্যাতনৰ অভিযোগত অভিযুক্ত ব্রিজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ হিচাপে পৰিচিত। আজিৰ পৰা সম্পূৰ্ণ দায়িত্ব ল’ব সঞ্জয় সিঙে। ভাৰতীয় ক্রীড়াৰ ভৱিষ্যতৰ কথা লক্ষ্য কৰি এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছে ক্রীড়া মন্ত্রালয়ে। তদুপৰি, আগলৈ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতা আছে। মাৰ্চৰ শেষ সপ্তাহত জর্ডানত অনুষ্ঠিত হ’ব এছিয়ান চেম্পিয়নশ্বিপ। যদি তেওঁলোকে তাত অংশগ্ৰহণ কৰিব নোৱাৰে তেন্তে ছেপ্টেম্বৰ মাহত জাগ্রেৱত অনুষ্ঠিত হ’বলগীয়া ছিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় মল্লযুঁজাৰুসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব। নিষেধাজ্ঞা প্রত্যাহাৰ হোৱাৰ লগে লগে সেই বাধা আৰু নাহিব। অৱশ্যে ক্রীড়া মন্ত্রালয়েও কিছু নির্দেশনা জাৰি কৰিছে। ইয়াৰ ভিতৰত মল্লযুঁজ সংগঠনৰ সৈতে প্রত্যক্ষভাৱে জড়িত নহ’লে সংগঠনটোৰ বাবে কাম কৰিব নোৱাৰিব। কেৱল নির্বাচিত প্রতিনিধিয়েহে দায়ৱদ্ধহ’ব। ইয়াৰ সমান্তৰালকৈ সকলো আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত মল্লযুঁজাৰু নিৰ্বাচনৰ ক্ষে এতো স্বচ্ছতা বজাই ৰখাটোও প্রয়োজনীয়। মল্লযুঁজ ফেডাৰেচনৰ কাৰ্যালয় পুনৰ ব্রিজ ভূষণ সিঙৰ ঘৰলৈ ঘুৰি আহিছে। দেশৰ মল্লযুঁজাৰুসকলে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। ফেডাৰেচনৰ বিষয়াসকলে প্রতিশ্রুতি দিছিল যে ডব্লিউএফআইৰ কাৰ্যালয়টো নতুন ঘৰলৈ স্থানান্তৰ কৰা হ’ব। কিন্তু সেই প্রতিশ্রুতি পালন কৰিব নোৱাৰিলে।যাৰ
বাবে ক্রীড়া মন্ত্রালয়ে ফেডাৰেচনৰ ওপৰত কৰা নিষেধাজ্ঞাক ঢাল হিচাপে ব্যৱহাৰ কৰা হৈছিল। নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত তেওঁলোকে কি পদক্ষেপ গ্রহণ কৰে সেয়া হ’ব লক্ষ্যণীয়। মন কৰিবলগীয়া যে ২০২৩ চনৰ আগষ্ট মাহত ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙে দেশৰ মল্লযুঁজ ফেডাৰেচনক নিলম্বন কৰিছিল। ইয়াৰ মূল কাৰণ হ’ল ফেডাৰেচনত দীর্ঘদিন ধৰি নিৰ্বাচিত কমিটী নাছিল। দেশত মল্লযুঁজৰ দায়িত্ব ভাৰতীয় অলিম্পিক সন্থাৰ তদর্থ সমিতিৰ হাতত আছিল। পিছত বছৰৰ শেষত নিৰ্বাচনৰ অন্তত সঞ্জয় সিং ক্ষমতালৈ আহে। কিন্তু তাৰ আগতে ক্রীড়া মন্ত্রালয়ে মল্লযুজ ফেডাৰেচনক নিষেধাজ্ঞা আৰোপ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *