...

বাৰ্চিলোনাত অনুষ্ঠিত পেৰা ছুইমিং বিশ্ব শৃংখলাৰ বাবে সাজু ভাৰতীয় দল

Spread the love

নতুন দিল্লী: স্পেইনৰ বাৰ্চিলোনাত ২০ ৰ পৰা ২৩ মাৰ্চলৈ অনুষ্ঠিত সন্মানীয় ২০২৫ পেৰা ছুইমিং বিশ্ব শৃংখলাত ১৯ জনীয়া পেৰা সাঁতোৰবিদ আৰু ৮ গৰাকী বিষয়াক লৈ গঠিত ২৭ জনীয়া ভাৰতীয় দলটোৱে দেশবাসীক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে ।

দলটোৰ নেতৃত্ব দিব পেৰা অলিম্পিয়ান তথা অৰ্জুন বঁটা প্ৰাপক শৰৎ এম গায়কোৱাড়ে । বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । এই প্ৰতিযোগিতাৰ পূৰ্বে শৰতে কয়, “ভাৰতে প্ৰস্তুত কৰা আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ দলসমূহৰ ভিতৰত এয়া অন্যতম । দলটোৱে অতি নিষ্ঠাসহকাৰে প্ৰশিক্ষণ লৈছে আৰু মই নিশ্চিত যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক গৌৰৱান্বিত কৰিব ।” ভাৰতীয় পেৰা অলিম্পিক কমিটীৰ (পি চি আই) এক বিজ্ঞপ্তিত ইয়াৰ উদ্ধৃতি দিয়া হৈছে ।

উল্লেখ্য যে, দলটোত অভিজ্ঞতা আৰু যুৱ প্ৰতিভাৰ এক শক্তিশালী সংমিশ্ৰণ আছে । দলটোত অন্তৰ্ভুক্ত নিৰঞ্জন মুকুন্দন হৈছে ২০২১ বৰ্ষৰ পেৰা অলিম্পিয়ান আৰু তেওঁৰ আন্তৰ্জাতিক পৰ্যায়ত নেতৃত্ব দিয়াৰ যথেষ্ট অভিজ্ঞতা আছে । আনহাতে, এছিয়ান পেৰা গেমছৰ আটাইকেইগৰাকী ফাইনেলিষ্ট ক্ৰমে শ্ৰীধৰ এন মালাগী, গোপীচান্দ লিংগুৱাল আৰু তেজছ নন্দকুমাৰ প্ৰতিযোগিতাখনৰ মুখ্য প্ৰতিদ্বন্দ্বী হ’ব বুলি আশা কৰা হৈছে ।

মানসিক দৃঢ়তা আৰু অধ্যৱসায়ৰ বাবে প্ৰখ্যাত হেৰোজিত ৰাজকুমাৰ আৰু শ্বামছ আলমে দলটোত গুৰুত্বপূৰ্ণ গভীৰতা প্ৰদান কৰিছে । ২০১৮ চনৰ এছিয়ান পেৰা গেমছৰ পদক বিজয়ী দেৱেশ্বৰী সতীজাই নতুন শক্তিৰে পুনৰ উভতি আহিছে । আনহাতে, বৈষ্ণৱী জগতাপেও এক প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰদৰ্শনেৰে পদকৰ দাবীদাৰ হৈ আহিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *