বাজেটত জনকল্যাণৰ কোনো সম্পৰ্ক নাই লুৰীণজ্যোতি গগৈ
আজি অসম চৰকাৰৰ বিত্তমন্ত্ৰীয়ে দাখিল কৰা
বাজেটখন ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে কেনেকৈ ভোট আদায় কৰিব পাৰি, সেই লক্ষ্যৰে প্ৰস্তুত কৰিছে – যাৰ সৈতে প্ৰকৃতপক্ষে জনকল্যাণৰ কোনো সম্পৰ্ক নাই।
চৰকাৰৰ প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য হৈছে জনকল্যাণৰ অগ্ৰাধিকাৰ দিয়া। কিন্তু বিত্তমন্ত্ৰী অজন্তা নেওগৰ এইবাৰৰ বাজেটত সেই বিষয়টোত কোনো গুৰুত্বই দিয়া হোৱা নাই। তাৰ সলনি বিজেপি দলৰ বাবে ভোট সৃষ্টিত প্ৰাধান্য দিয়া হৈছে। এয়া দুৰ্ভাগ্যজনক।
অসম হৈছে কৃষি অৰ্থনীতি নিৰ্ভৰ এখন ৰাজ্য। আমাৰ ইয়াত ৮০ শতাংশ লোকৰ জীৱন জীৱিকা কৃষি কৰ্মৰ ওপৰত চলে। অথচ এফালে সাৰ, কীট নাশক, বীজ আদিৰ অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত দাম বৃদ্ধি আৰু আনহাতে পৰ্যাপ্ত পানীৰ অভাৱত কৃষকসকলৰ অৱস্থা দিনে দিনে পানীত হাঁহ নচৰাৰ দৰে হৈছে। এনে পৰিস্থিতিত চৰকাৰে ৰাজ্যত জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা কৰাৰ লগতে সাৰ, বীজ, কীট নাশক আদি পৰ্যাপ্ত পৰিমাণে যোগানৰ ব্যৱস্থা বাজেটত ধাৰ্য্য কৰিব লাগিছিল।
বিজেপি চৰকাৰে তেওঁলোকৰ দুয়োটা কাৰ্যকালত জলসিঞ্চন বিভাগটোক চূড়ান্তভাৱে উপেক্ষা কৰাটো ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে ক্ষতিকৰ। যি সময়ত ৰাজ্যৰ ৯৮ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই, তেনে সময়ত কৃষি অৰ্থনীতিৰ ৰাজ্য অসমৰ অৰ্থনৈতিক বিকাশ সাধন কৰাটো কঠিন।
আনহাতে, বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। বিগত প্ৰায় ৯ বছৰে বিজেপি চৰকাৰে বান-খহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা দেখা নগ’ল।
ৰাইজৰ আশা আছিল যে বিজেপি মিত্ৰজোঁট চৰকাৰে হয়তো শেষ বাজেটত কিবা এটা কৰিব। কিন্তু বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰসংগই এই বাজেটত উল্লেখ নাই। ৰাজ্যৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী, দৰৱ, নিৰ্মাণ সামগ্ৰীৰ অনিয়ন্ত্ৰিত দাম বৃদ্ধি প্ৰতিৰোধৰ কোনো ৰূপৰেখা বাজেটত উল্লেখ কৰা নহ’ল।
আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, স্বাস্থ্য বিভাগৰ কেজুৱেল তথা অন্যান্য কৰ্মচাৰী, শিক্ষক-শিক্ষামিত্ৰক কাৰো দাবী পূৰণৰ ৰূপৰেখা বাজেটত উল্লেখ নহ’ল। কেৱল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি তথা অন্যান্য হিতাধিকাৰী আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীৰ সংখ্যা আৰু পৰিমাণ বৃদ্ধিৰ বাহিৰে আন কোনো উল্লেখযোগ্য দিশ বাজেটত আছে বুলি ক’ব নোৱাৰি। চৰকাৰৰ ৰাজনৈতিক বাজেটে জনগণৰ প্ৰকৃত কল্যাণ সাধণ নকৰে।