লোকসভাত গৌৰৱ গগৈয়ে বিচাৰিলে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীৰ স্পষ্টীকৰণ
নতুন দিল্লী,১৩মার্চঃ নির্মাণকার্য বন্ধ হৈ থকা যোৰহাট-মাজুলী সংযোগী দলং সন্দর্ভত কংগ্রেছ সাংসদ তথা লোকসভাত বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে কালি সদনৰ শূন্যকালত গভীৰ উদ্বেগ প্রকাশ কৰে।সমগ্ৰ বিষয়টোত তেওঁ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰ পৰা স্পষ্টীকৰণৰো দাবী জনায়। তেওঁ কয় যে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণৰ দায়িত্বত থকা উত্তৰপ্ৰদেশ ৰাজ্যিক দলং নিগমে যোৱা বছৰ ২০২৪ ছেপ্টেম্বৰৰ পৰা নির্মাণকাৰ্য বন্ধ কৰি ৰাখিছে লগতে মাত্র ৩০ শতাংশ নির্মাণকার্য এতিয়ালৈকে সম্পন্ন হৈছে। জানুৱাৰী মাহত দলঙৰ বাবে পুনৰ নিবিদা গ্ৰহণৰ কথা আছিল যদিও এতিয়ালৈকে একো নহ’ল। সাংসদ গগৈয়ে আৰু কয় যে ৯২৫ কোটি টকাৰে দলংখন নিৰ্মাণৰ কাম সম্পূর্ণ হোৱাৰ কথা আছিল। এতিয়া নিৰ্মাণকাৰ্য লেহেমীয়া হোৱাৰ বাবে দলং নিৰ্মাণৰ ব্যয় ১,২২৫ কোটি টকালৈ বৃদ্ধি পাইছে। সেয়ে সমগ্র বিষয়টোত কংগ্রেছ সাংসদজনে বিভাগীয় মন্ত্রী নীতিন গাডকাৰীৰ পৰা স্পষ্টীকৰণ বিচাৰে।