চাইন অন ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পুৱাই এক্স হেণ্ডেলৰ জৰিয়তে সমগ্ৰ দেশবাসীক জনালে ফাকুৱাৰ শুভেচ্ছা। পুৱাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেণ্ডেলত ফাকুৱাৰ শুভেচ্ছা জনাই লিখিলে, ”এই আনন্দময় উৎসৱে সকলোৰে জীৱনত নতুন উৎসাহ আৰু শক্তিৰ সৃষ্টি কৰিব। দেশবাসীৰ মাজত ঐক্যৰ ৰং বিয়পাই দিব।”
আনহাতে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও তেওঁৰ এক্স হেণ্ডেলৰ জৰিয়তে দেশবাসীক ফাকুৱাৰ শুভেচ্ছা জনাইছে।গান্ধীয়ে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ”আপোনালোক সকলোলৈকে হোলীৰ শুভেচ্ছা জনাইছো। ৰঙৰ এই উৎসৱে আপোনাৰ জীৱনত নতুন আনন্দ, নতুন উৎসাহ আৰু যথেষ্ট সুখ কঢ়িয়াই আনক”।
ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো পুৱাই সামাজিক মাধ্যম ফেচবুক, এক্স আদিৰ জৰিয়তে ৰাজ্যবাসীক ফল্গুৎসৱৰ শুভেচ্ছা জনাইছে। তেওঁ ফেচবুকত বৰপেটা সত্ৰৰ ফল্গুৎসৱৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ”চৌদিশে গুঞ্জৰিত হৈছে হোলীগীতৰ ধ্বনি৷ আবিৰৰ ৰঙেৰে উপচি পৰিছে সকলোৰে মন-প্ৰাণ-হৃদয়৷ পৱিত্ৰ ফল্গূৎসৱৰ আজি বিশেষ দিনটোত অসমবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷ আধ্যাত্মিকতা আৰু ভক্তিৰসত বিলীন হৈ এখন ৰঙীন অসম গঢ়িবলৈ সকলোকে প্ৰভু শ্ৰীকৃষ্ণই আশিস প্ৰদান কৰক, সেয়াই অন্ত:কৰণেৰে কামনা কৰিলোঁ৷”