...

পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰ গ্ৰহণ কৰিব NIA !

Spread the love

পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰ গ্ৰহণ কৰিব NIA !

 

মৃতকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি

 

নতুন দিল্লীঃ

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহলগামত মঙলবাৰে সংঘটিত সন্ত্ৰাসবাদী ভয়ংকৰ আক্ৰমণত মৃতকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে ৷ পেহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় তদন্ত সংস্থা (নিয়া)ই হয়তো এই গোচৰৰ তদন্তৰ দায়িত্ব ল’ব পাৰে । সূত্ৰ অনুসৰি বুধবাৰে নিয়াৰ এটা দলে পেহলগাম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত এই গোচৰৰ সম্যক আৰু ব্যাপক তদন্তৰ আশা বৃদ্ধি পাইছে ।

লক্ষণীয় যে পেহলগামত পাকিস্তান সমর্থিত সন্ত্ৰাসবাদী সংগঠনে নিৰস্ত্ৰ পৰ্যটকক লক্ষ্য কৰি লোৱা এই ভয়াবহ আক্ৰমণ ভাৰতৰ নিৰাপত্তা খণ্ডৰ বিশেষজ্ঞসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে এই আক্ৰমণ কেৱল অঞ্চলটোত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাই নহয়, কাশ্মীৰ সমস্যাৰ প্ৰতি আন্তৰ্জাতিক দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে এক সুপৰিকল্পিত কৌশলৰ অংশ ।

সন্ত্ৰাসবাদী সংগঠনসমূহে আন্তঃৰাষ্ট্ৰীয় সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে : নিৰাপত্তা বিশেষজ্ঞ সুলখান সিং

উত্তৰ প্ৰদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা নিৰাপত্তা বিশেষজ্ঞ সুলখান সিঙে ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত কয়, “কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনসমূহে সদায় বিশ্বজুৰি নিজৰ উপস্থিতি অনুভৱ কৰিবলৈ আগ্ৰহী । আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ ভাৰত ভ্ৰমণৰ সময়ত এনে আক্ৰমণে দেখুৱাইছে যে তেওঁলোকে (সন্ত্রাসবাদী) আন্তঃৰাষ্ট্ৰীয় সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে ।”

তেওঁ আৰু কয় যে এই আক্ৰমণৰ এটা উদ্দেশ্য হৈছে পৰ্যটকৰ মাজত ভয়ৰ সৃষ্টি কৰা । সিঙে কয়, “জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু নিজৰ উপস্থিতি দেখুৱাবলৈ সন্ত্ৰাসবাদীয়ে পৰ্যটনস্থলীত আক্ৰমণ চলাইছে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *