সমগ্ৰ বিশ্বৰ প্ৰতি ভাবুকি !
চাইন অন ডেক্সঃ
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে আন্তৰ্জাতিক পৰমাণু শক্তি সংস্থাক (IAEA) পাকিস্তানৰ পাৰমাণৱিক শক্তিসমূহৰ নিয়ন্ত্ৰণ নিজৰ দখললৈ নিবৰ বাবে আহ্বান জনায় । লগতে এক ‘‘দুষ্ট প্ৰকৃতিৰ’’ আৰু ‘‘দায়িত্বজ্ঞানহীন ৰাষ্ট্ৰ’’ৰ হাতত ইয়াৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ।
উপত্যকাটোৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ভাৰতীয় সেনাৰ ১৫ ক’ৰ্পছৰ জোৱানসকলক সম্বোধন কৰি ৰাজনাথ সিঙে কয়, “মই সমগ্ৰ বিশ্বক সুধিছো যে পৰমাণু অস্ত্ৰ এনেধৰণৰ দুষ্ট প্ৰকৃতিৰ আৰু দায়িত্বজ্ঞানহীন ৰাষ্ট্ৰৰ হাতত সুৰক্ষিত নে । মই ভাবো যে পাকিস্তানৰ পৰমাণু অস্ত্ৰ আন্তৰ্জাতিক পৰমাণু শক্তি সংস্থাৰ তত্ত্বাৱধনালৈ নিব লাগে ।”
সংস্থাটোৱে পৰমাণু প্ৰযুক্তিৰ সুৰক্ষিত, সংৰক্ষিত আৰু শান্তিপূৰ্ণ ব্যৱহাৰক উদগনি যোগাবলৈ নিজৰ সদস্য দেশবোৰ আৰু বিশ্বৰ অন্য অংশীদাৰৰ সৈতে কাম কৰে ।
উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে পুৱা জম্মু-কাশ্মীৰত উপস্থিত হয় আৰু শ্ৰানগৰৰ বাদামী বাগ ছাউনীত সেনা জোৱানসকলৰ সৈতে মিলিত হয় । তেওঁক সংগ দিয়ে উপ-ৰাজ্যপাল মনোজ সিনহা আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই । কিছুদিন পূৰ্বে পাকিস্তানৰ ভিতৰত জৈশ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাসহ নটা সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি চলোৱা সেন্দূৰ অভিযানৰ পিছত এইটো হৈছে কেন্দ্ৰীয়শাসিত অঞ্চলটোলৈ কোনো উচ্চ পৰ্যায়ৰ নেতাৰ প্ৰথমটো ভ্ৰমণ ।
আনহাতে, আই এ ই এৰ নিৰীক্ষণত ৰখাৰ দাবী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত ‘গুৰুতৰ পাৰমাণৱিক যুদ্ধ’ বন্ধ কৰাৰ দাবীৰ পিছত আহিছে ।
ৰাজনাথ সিঙে কয়, “আজি সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ সংকল্পৰ শক্তি ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে আমি তেওঁলোকৰ পাৰমাণৱিক ব্লেকমেইলিঙকো পৰোৱা কৰা নাই । সম্পূৰ্ণ বিশ্বই প্ৰত্যক্ষ কৰিছে যে কেনেদৰে কেইবাবাৰো পাকিস্তানে দায়িত্বজ্ঞানহীনভাৱে ভাৰতক পাৰমাণৱিক ভাবুকি দিছে ।”
তেওঁ কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ভাৰতৰ গৌৰৱৰ ওপৰত আঘাত কৰিবলৈ আৰু সামাজিক একতা ভংগ কৰিবলৈ এক প্ৰয়াস আছিল । কিন্তু ভাৰতে ‘তেওঁলোকৰ হৃদয়তে আঘাত কৰিছে’ ।