পঞ্চায়ত নিৰ্বাচনত গাঁও পঞ্চায়তৰ সদস্যৰ বাবে ব্যয়ৰ সীমা ২৫ হাজাৰ টকা, আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে ২,৫০,০০০ টকা আৰু জিলা পৰিষদৰ বাবে ১০,০০,০০০ টকা ধাৰ্য্য কৰা হৈছে।
চাইন অন ডেক্স : ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে সৈতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখনি গুৰূত্বপূৰ্ণ সভা কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত নিৰ্বাচনী বিষয়া প্ৰাঞ্জীল গগৈয়ে পাৱাৰ পইন্ট প্ৰেজেনটেচনৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল, প্ৰাৰ্থীৰ নিৰ্বাচনী চিহ্নৰ বাচনি তথা পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন নিয়মাৱলী সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়। জিলা আয়ুক্তই উপস্থিত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে সৈতে পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে নিৰ্বাচন পক্ৰিয়া সুচাৰুৰূপে কোনোধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়াবলৈ উপস্থিত সকলোকে আহ্বান জনায়।
উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাত ২২ খন জিলা পৰিষদ, ৭ খন আঞ্চলিক পঞ্চায়ত আৰু ৯৩ খন গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৯৩০ টা ৱাৰ্ডৰ সদস্য পদৰ বাবে ১১৬৫ টা ভোটগ্ৰহণ কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ ৩ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ গ্ৰহণ কৰা হ’ব। ১২ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু উক্ত দিনাই বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। প্ৰাৰ্থীসকলে ১৭ এপ্ৰিল দিনৰ ৩ বজালৈ মনোনয়ন পত্ৰসমূহ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু উক্ত দিনাই দিনৰ ৩ বজাৰ পাছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব। পঞ্চায়ত নিৰ্বাচনত গাঁও পঞ্চায়তৰ সদস্যৰ বাবে ব্যয়ৰ সীমা ২৫ হাজাৰ টকা, আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে ২,৫০,০০০ টকা আৰু জিলা পৰিষদৰ বাবে ১০,০০,০০০ টকা ধাৰ্য্য কৰা হৈছে।