...

পঞ্চায়ত নিৰ্বাচনৰ ২মেত হ’বলগীয়া ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবলৈ ডিব্ৰুগড় জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ নং ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি।

Spread the love

পঞ্চায়ত নিৰ্বাচনৰ ২মেত হ’বলগীয়া ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবলৈ ডিব্ৰুগড় জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ নং ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি।

চাইন অন ডেক্সঃ

পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ ২ মে’ তাৰিখে হবলগীয়া ভোটগ্ৰহণ শান্তিপূৰ্ণ তথা কোনোধৰণৰ বাধা-বিঘিনি নোহোৱাকৈ অনুষ্ঠিত কৰিবৰ বাবে ডিব্ৰুগড়ৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে এক আদেশযোগে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ৰ ১৬৩ নং ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই নিষেধাজ্ঞা অনুসৰি উপযুক্ত কর্তৃপক্ষ/জিলা প্ৰশাসনৰ অনুমতি অবিহনে পাঁচজন বা তাতোকৈ অধিক ব্যক্তিৰ সমাগম কৰিব নোৱাৰিব। উপযুক্ত কর্তৃপক্ষ/জিলা প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা সভা / সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব। বিনা অনুমতিত ৰাজহুৱা স্থানত লাউড স্পীকাৰ, মাইক আদি ব্যৱহাৰ কৰিব নোৱাৰিব। উপযুক্ত কর্তৃপক্ষৰ অনুমতি অবিহনে যিকোনো শোভাযাত্রা / ধর্ণা / ৰেলীৰ আয়োজন কৰিব নোৱাৰিব।ভোটগ্রহণ কেন্দ্ৰৰ ভিতৰত অথবা আশে-পাশে যিকোনো মাৰাত্মক অস্ত্ৰ, আগ্নেয়াস্ত্র আদি কঢ়িয়াব নোৱাৰিব। এই নিষেধাজ্ঞা ৩০ এপ্ৰিল বিয়লি ০৪:৩০ বজাৰ পৰা নিৰ্বাচনৰ শেষলৈকে অর্থাৎ ২ মে’ তাৰিখলৈকে বলবৎ থাকিব।
এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰা ২২৩ৰ অধীনত শাস্তি মূলক ব্যৱস্থা গ্রহণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *