...

পঞ্চম শ্রেণীলৈ অভ্যাসন বহী যোগানৰ নিশ্চিতি-বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ আশ্বাস

Spread the love
  • ৩-৪ দিনৰ ভিতৰত মুকলি হ’ব বদলিৰ প’ৰ্টেল
  • প্রাথমিক শিক্ষক সম্মিলনীৰে বৈঠকত শিক্ষামন্ত্ৰীৰ ঘোষণা
  • ৰঙালী বিহুৰ পূৰ্বে প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ নিযুক্তি

গুৱাহাটী,১৩মার্চঃ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত স্থায়ী প্রধান শিক্ষক নিযুক্তিৰ বাবে দীর্ঘদিন ধৰি উত্থাপিত হৈ অহা দাবী পূৰণ হোৱাৰ দিশে। আগন্তুক ৰঙালী বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ নিযুক্তি-পত্ৰসমূহ বিতৰণ কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ উপস্থিতিত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰে অনুষ্ঠিত আনুষ্ঠানিক আলোচনাত এই কথা ঘোষণা কৰে। আলোচনাত অহা বছৰৰ পৰা বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিশ্রুতি প্ৰদান কৰাৰ লগতে পঞ্চম শ্রেণীলৈ সকলো শিক্ষার্থীকে অভ্যাসন বহী যোগানৰ নিশ্চিতি প্রদান কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। এক বিবৃতিত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে প্ৰকাশ কৰা অনুসৰি এছ আই ইউ অনুমোদনৰ অভাৱত বিশেষ নিযুক্তি প্রক্রিয়াৰে নিযুক্ত শিক্ষকৰ দৰমহাত যাতে কোনো যতি পৰিব নোৱাৰে তাৰ বাবে পূর্ণ ব্যৱস্থা গ্রহণ কৰাৰ নিশ্চিতি এই বৈঠকত প্ৰদান কৰে। আনহাতে ঠিকাভিত্তিকভাৱে কৰ্মৰত শিক্ষকৰ সংশোধিত সাময়িক পদোন্নতিৰ অনুমোদন দিয়াৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে। গোস্বামীয়ে কয়, আগত তিনি-চাৰি দিনৰ ভিতৰত বদলিৰ প’ৰ্টেল মুকলি কৰাৰ লগতে সকলো প্ৰকাৰৰ নিয়মীয়া শিক্ষকৰ মাজত বুজাবুজিৰ বদলি সম্পন্ন কৰাৰ অনুমতি প্রদান কৰা হৈছে।

প্রাথমিক শিক্ষকৰ বাবে সহঃ পৰিদৰ্শক পদৰ সংৰক্ষণ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে সম্মিলনীয়ে উপস্থাপন কৰা দাবী বিবেচনা কৰাৰ আশ্বাস প্রদান কৰে। শিক্ষকৰ সেৱা বিধিৰ খচৰাত শিক্ষা অধিকাৰ আইনৰ ক্ষেত্ৰত কৰা ব্যাখ্যা সন্দৰ্ভত সম্মিলনীয়ে উপস্থাপন কৰা বিষয়সমূহ অহা এমাহৰ ভিতৰত আলোচনাৰ বাবে বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। অহা বছৰৰ পৰা শিক্ষাৰ্থীক জোতা-মোজা-ছুৱেটাৰ আদি প্ৰদান কৰাৰ বাবে অক্টোবৰ মাহত পুনৰ পৰ্যালোচনা কৰাৰ বাবে বৈঠক আয়োজন কৰাৰ বাবে সচিবক শিক্ষামন্ত্রীয়ে দায়িত্ব প্রদান কৰে। পাঠ্যক্রম বহির্ভূত কামৰ হেঁচা কমোৱা আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮,৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়া সন্দৰ্ভত সম্মিলনীয়ে উপস্থাপন কৰা দাবী সম্পর্কত দীর্ঘসময় যুক্তিপূর্ণ আলোচনা হয়। দুয়োটা বিষয়ৰ ক্ষেত্ৰত সহমত স্থাপন নহ’লেও পাঠ্যক্রম বহির্ভূত, কামৰ হেঁচা শিক্ষামন্ত্ৰীয়ে বিষয়ভিত্তিকভাৱে সমাধান কৰাৰ মতপোষণ কৰে। আনহাতে নিযুক্তিকালত স্নাতক প্রার্থী বিচাৰি দৰমহা দিয়া কালত পদৰ যোগ্যতা বিচৰাটো অন্যায় বুলি সম্মিলনীয়ে সোতৰ মাহে লাভ কৰা গ্রেড পে’ ঘূৰাই দিয়াৰ বাবে কৰা দাবীৰ উত্তৰত শিক্ষামন্ত্রীয়ে প্রয়োজনত বিজ্ঞাপনৰ পৰা স্নাতক বিচৰা বিষয়হে পৰিহাৰ কৰাৰ চিন্তা প্রকাশ কৰে। এনে চিন্তা নকৰিবলৈ সম্মিলনীয়ে দাবী জনায় আৰু পুনৰ পৰ্যালোচনাৰ অনুৰোধ কৰে।’ আলোচনাত ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰ হৈ ভাৰপ্ৰাপ্ত সভানেত্রী নীলাক্ষি গগৈ, উপ-সভাপতি শ্বৰীফ হাছান, ত্রিদিব বৰুৱা, প্রধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, উপ-সম্পাদক শৈলেন্দ্র কলিতা, দীপাংকৰ শৰ্মা, সৰ্বভাৰতীয় সদস্য মোহন হালৈ, বিবেকানন্দ সৰকাৰ, কল্পনা দাস আৰু কোষাধ্যক্ষ চমচেৰ আহমেদে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *