...

ধেমাজিত প’ছকো আইনৰ অধীনত তিনিজনক সশ্ৰম কাৰাদণ্ড

Spread the love
  • ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি দিলে গুৰুত্বপূৰ্ণ ৰায়দান
  • আদালতে আজি ধৰ্ষণৰ তিনিটা গোচৰত তিনিজন অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে

চাইন অন ডেক্সঃ ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে৷ আদালতে আজি ধৰ্ষণৰ তিনিটা গোচৰত তিনিজন অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে ৷ উল্লেখযোগ্য যে ধৰ্ষণৰ গোচৰত অভিযুক্ত নিৰন চুতীয়াক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ৫০হেজাৰ টকাৰ জৰিমনা বিহে। তাৰোপৰি জৰিমনা অনাদায়ে ৩ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে ৷ আনহাতে ২০২১ চনত ৰুজু হোৱা আন এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত আনন্দ দাসক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হেজাৰ টকাৰ জৰিমনা বিহে ৷ ইয়াৰ উপৰি আন এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত দীপাংকৰ গোঁহাইক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়ৰ লগতে ৩০ হেজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনাৰ অন্যথাই ২বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *