প্রয়োজনত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ
নতুন দিল্লী,৮মার্চ: দেশত পথ
দুর্ঘটনাসমূহৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে দোষাৰোপ কৰিছে অভিযন্তাসকলক। প্ৰকল্পৰ প্ৰতিবেদন ত্রুটিপূর্ণ হোৱাৰ বাবেই দেশত পথ দুর্ঘটনাত মৃত্যুৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। কালি গ্লোবেল ৰোড ইনফ্রাটেক ছামিটত ভাষণ দি কেন্দ্রীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে।পথ দুৰ্ঘটনাৰ ডিজাইন প্ৰস্তুতৰ সময়ত অভিযন্তাসকলে ভুল কৰি আহিছে। কিন্তু দুৰ্ঘটনাৰ পিচত তেওঁলোকক জবাবদিহি কৰা নহয়। এনে অৱস্থাত জগৰীয়া অভিযন্তাসকলৰ বিৰুদ্ধে প্রয়োজনত গোচৰ ৰুজু কৰিবলৈও নির্দেশ দিয়ে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে।