...

দেউলিয়া হ’ব নেকি ইলন মাস্ক? চলিত বছৰত হেৰুৱালে ১৩২ বিলিয়ন ডলাৰ?

Spread the love

এদিনতে ২৯ বিলিয়ন ডলাৰ হেৰুৱালে স্পেছএক্স আৰু টেছলাৰ মুৰব্বী তথা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে

তাৰোপৰি চলিত বছৰটোত ইলন মাস্কে হেৰুৱাইছে মুঠ ১৩২ বিলিয়ন ডলাৰ

দেওলিয়া হ’ব নেকি ইলন মাস্ক? চলিত বছৰত হেৰুৱালে ১৩২ বিলিয়ন ডলাৰ

চাইন অন ডেস্ক,১১মাৰ্চঃ এদিনতে ২৯ বিলিয়ন ডলাৰ হেৰুৱালে স্পেছএক্স আৰু টেছলাৰ মুৰব্বী ইলন মাস্কে। তাৰোপৰি চলিত বছৰটোত ইলন মাস্কে হেৰুৱাইছে মুঠ ১৩২ বিলিয়ন ডলাৰ। উল্লেখ্য যে, বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিচিত ইলন মাস্কে তেওঁৰ ইলেক্ট্ৰিক ভেহিকেল কোম্পানী টেছলা ইনকৰ্পোৰেছনৰ শ্বেয়াৰ ১৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে। ফলত তেওঁৰ সম্পত্তিৰ পৰিমাণ হোৰাহোৰে হ্ৰাস পাইছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ সূচকাংক অনুসৰি ১১ মাৰ্চলৈকে ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ আছিল ৩০১ বিলিয়ন ডলাৰ। যাৰ ভিতৰত তেওঁ চলিত বছৰটোৰ ভিতৰতে ১৩২ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হৈছে। সোমবাৰৰ দিনটোত টেছলাৰ শ্বেয়াৰ পতনৰ ফলত একে দিনাই ২৯ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হৈছে।উল্লেখ্য যে, ডনাল্ড ট্ৰাম্পে দেওবাৰে ফক্স নিউজৰ আগত আমেৰিকাৰ অৰ্থনৈতিক মন্দাৱস্থাৰ আশংকা প্ৰকাশ কৰাৰ পাছতে সোমবাৰে NASDAQ ত টেছলাৰ শ্বেয়াৰ ১৫.৪৩ শতাংশ হ্ৰাস হয়। অৱশ্যে ইলন মাস্ক এতিয়াও যথেষ্ট ব্যৱধানত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈয়ে আছে। তেওঁৰ পাছত আছে আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ২১৬ বিলিয়ন ডলাৰ।
ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ এটা প্ৰধান কাৰণ হ’ল বিশ্বৰ সৰ্ববৃহৎ ইলেট্ৰিক ভেহিকেল বজাৰ চীনত ঘৰুৱা কোম্পানী বি ৱাই ডিৰ সৈতে খোজ মিলাবলৈ কৰা সংগ্ৰাম। কোম্পানীটোৰ চাংহাই প্লাণ্টৰ পৰা টেছলাৰ সৰবৰাহ ফেব্ৰুৱাৰী মাহত ৪৯ শতাংশ হ্ৰাস পাই মাত্ৰ ৩০,৬৮৮ খন বাহন হয়, যিটো ২০২২ চনৰ জুলাই মাহৰ পিছত মাহিলী সৰ্বনিম্ন সংখ্যা।জাৰ্মানীতো ২০২৫ চনৰ প্ৰথম দুমাহৰ ভিতৰত টেছলাৰ পঞ্জীয়ন ৭০ শতাংশ হ্ৰাস পাইছে। এইদৰেই প্ৰতিষ্ঠানটো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ফলত শ্বেয়াৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *