দিশাৰ পিতৃক সমৰ্থন সুশান্ত সিং ৰাজপুতৰ পিতৃৰো
চাইন অন ডেক্সঃ
প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ দিশা ছালিয়ানৰ সন্দেহজনক মৃত্যুৰ সৈতে জড়িত এটা নতুন আপডেট, সুশান্তৰ পিতৃ কে কে সিঙে দিশাৰ পিতৃ সতীশ ছালিয়ানে দাখিল কৰা আবেদনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে । সতীশ ছালিয়ানে কন্যাৰ মৃত্যুত CBI তদন্ত বিচাৰিছে । ২০২৫ চনৰ ১৯ মাৰ্চত বম্বে উচ্চ ন্যায়ালয়ত এই আবেদন দাখিল কৰা হয় ৷ আবেদনে দিশাৰ ৰহস্যজনক মৃত্যুৰ নতুন তদন্তৰ প্ৰয়োজনীয়তা আৰু লুকুৱাই ৰখা বহু গুৰুত্বপূৰ্ণ তথ্য বাহিৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
সিঙে এই সন্দৰ্ভত এটা সংবাদ সংস্থাৰ আগত মতামত প্ৰকাশ কৰে যে ই দিশা আৰু তেওঁৰ পুত্ৰ সুশান্তৰ মৃত্যু সন্দৰ্ভত এক স্পষ্ট বাৰ্তা দিব । তেওঁ কয়, “তেওঁ (সতীশ ছালিয়ানে) যি কৰিছে সেয়া সঠিক, যদি ইয়াৰ জৰিয়তে আমি এইটো আত্মহত্যা নে হত্যা সেই বিষয়ে সিদ্ধান্ত ল’ব পাৰো আৰু সুশান্তৰ সৈতে কি ঘটিছিল জানিব পাৰো, সেয়া ভাল হ’ব ।”
অভিনেতাজনৰ পিতৃয়ে লগতে কয় যে সতীশ ছালিয়ানে কিয় আবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে সেই বিষয়ে তেওঁ অৱগত নহয় ৷ তেওঁ কেৱল দিশাৰ মৃত্যুৰ পুনৰ তদন্তৰ পক্ষত আছে ৷ ইতিমধ্যে মুম্বাই আৰক্ষীয়ে এই ঘটনাক নিজকে শেষ কৰিবলৈ লোৱাৰ চেষ্টা নতুবা দুৰ্ঘটনা বুলি ৰায় দিছিল । সিঙে মন্তব্য কৰে যে যে দিশাৰ পিতৃয়ে এই কথা মানি লৈছিল যদিও এতিয়া তেওঁ নিশ্চিত নহয় আৰু তেওঁৰ কন্যাৰ মৃত্যুৰ পুনৰ তদন্ত বিচাৰিছে ।