চাইন অন ডেক্স,২৬ মাৰ্চঃ
ডিব্ৰুগড় জিলা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ হিচাপে আজি ড০ জয়দেৱ গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শৈলেন গগৈৰ পৰা দায়িত্ব গ্ৰহণ কৰা ড০ গগৈ বৰবৰুৱা অঞ্চলৰ শিক্ষক তথা লেখক প্ৰয়াত খগেন্দ্ৰনাথ গগৈ আৰু তিলো গগৈৰ কনিষ্ঠ পুত্ৰ আৰু সম্প্ৰতি ডিব্ৰুগড় মহানগৰৰ গান্ধীনগৰ অঞ্চলৰ স্থায়ী বাসিন্দা। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক গোপাল শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঘুনাথ বৰবৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ৰমাকান্ত গগৈ, ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক যাদৱ গগৈ তথা মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ নতুন দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ মহাবিদ্যালয়খনৰ ব্যৱসায় পৰিচালনা বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। মহাবিদ্যালয়খনৰে প্ৰাক্তন বিদ্যাৰ্থী নৱনিযুক্ত অধ্যক্ষগৰাকী ডেৰ দশকজোৰা শৈক্ষিক অভিজ্ঞতাৰ লগতে গৱেষক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ এগৰাকী গৱেষণা তত্ত্বাৱধায়ক হিচাপেও অভিজ্ঞতাৰ শিক্ষাবিদ হিচাপে পৰিচিত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা হিচাপবিদ্যা আৰু ‘মানৱ সম্পদ পৰিচালনা’ উভয় বিষয়তে বাণিজ্যৰ স্নাতকোত্তৰ উপাধি গ্ৰহণ কৰা ড০ গগৈয়ে একে বিশ্ববিদ্যালয়ৰে বাণিজ্য বিভাগৰ অধীনত “ভাৰতত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত মানৱ সম্পদ উন্নয়ন অনুশীলন : তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, অসম সম্পদ, নাজিৰাৰ এটি অধ্যয়ন” শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰিছিল। তদুপৰি তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই “ক্ষুদ্ৰ উদ্যোগৰ কৰ্মচাৰীৰ সমস্যা : ডিব্ৰুগড় নগৰৰ ছপা উদ্যোগৰ এটি অধ্যয়ন'” শীৰ্ষক বিষয়ত এম. ফিল. উপাধিও লাভ কৰিছিল। আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় গৱেষণা-পত্ৰিকাত প্ৰকাশিত বিভিন্ন গৱেষণা-পত্ৰৰ লগতে ড০ গগৈ আন বহু প্ৰকাশনৰ কৃতিত্বৰো গৰাকী। মহাবিদ্যালয়ৰ শিক্ষক গোট, কৰ্মচাৰী গোট, ছাত্ৰ-সমাজ তথা অন্যান্য অংশীদাৰসকলৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন সামাজিক সংগঠন আৰু ব্যক্তিবিশেষেও ড০ গগৈক তেওঁৰ নতুন দায়িত্বৰ বাবে অভিনন্দন জনাইছে।অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰি ড০ গগৈয়ে মহাবিদ্যালয় পৰিয়ালৰ লগতে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয় হিচাপে চিহ্নিত ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনলৈ সকলোৰে সহযোগত এক নতুন সমৃদ্ধি আনিবলৈ তেওঁ যথাসাধ্য চেষ্টা কৰিব বুলি অভিমত ব্যক্ত কৰে। ড০ জয়দেৱ গগৈৰ সবল নেতৃত্বত মহাবিদ্যালয়খনে ডিব্ৰুগড় চহৰৰ শৈক্ষিক ক্ষেত্ৰলৈ এক নতুন উজ্জ্বলতা আনি সফলতাৰ এক নতুন দিগন্ত স্পৰ্শ কৰিব বুলি ডিব্ৰুগড়বাসীয়ে আশা প্ৰকাশ কৰিছে।