ডিব্ৰুগড়ৰ ১১৬৪ টা ভােটগ্রহণ কেন্দ্ৰলৈ আজি পিজাইডিং-পুলিং বিষয়াৰ দল ৰাওনা
২ মে’ পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ
চাইন অন ডেক্সঃ
ডিব্ৰুগড় জিলাত প্রথম প্রর্য্যায়ৰ পঞ্চায়ত নির্বাচনৰ ১১৬৪ টা ভােটগ্রহণ কেন্দ্রত ২ মে’ত হ’বলগীয়া ভােট গ্ৰহণৰ বাবে আজি পিজাইডিং-পােলিং বিষয়াসকল নিৰ্বাচনী সামগ্ৰী সহ নিজ নিজ ভােট গ্রহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। উল্লেখযোগ্য যে, চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০০১ নং মুকালবাৰী চাহ বাগিচা মজদুৰ ক্লাব ভোটগ্ৰহণ কেন্দ্ৰত কোনো ভোটগ্ৰহণ অনুষ্ঠিত নহয়। কিয়নো উক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ জিলা পৰিষদ সমষ্টিৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য তথা গাঁও পঞ্চায়ত ৱাৰ্ডৰ সদস্য পদৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকল বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত
২২ টা জিলা পৰিষদৰ সদস্য, ৭ টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৯৩ খন গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৯৩০ টা ৱাৰ্ডৰ সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব। পঞ্চায়ত নিৰ্বাচনৰ চাবুৱা-লাহোৱাল আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ সমষ্টি, আঞ্চলিক পঞ্চায়ত আৰু গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডৰ সদস্য নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে লাহোৱালস্থিত ডিব্ৰুগড় পলিটেকনিকৰ পৰা প্ৰিজাইডিং আৰু পুলিং বিষয়াসকল আজি নিৰ্বাচনী সামগ্ৰী সহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। ডিব্ৰুগড় পলিটেকনিক প্ৰাংগনত স্থাপন কৰা ১৪ টা কাউন্টাৰৰ পৰা নিৰ্বাচনী সা-সামগ্ৰী বিতৰণ পক্ৰিয়া শৃংখলাবদ্ধ ভাৱে সম্পন্ন হৈছে। একেদৰে, দুলীয়াজান বিধানসভা সমষ্টিৰ বাবে দুলীয়াজান মহাবিদ্যালয়ৰ পৰা প্ৰিজাইডিং আৰু পুলিং বিষয়াসকল নিৰ্বাচনী সামগ্ৰী সহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। দুলীয়াজান মহাবিদ্যালয়ত স্থাপন কৰা ১১ টা কাউন্টাৰৰ পৰা নিৰ্বাচনী সা-সামগ্ৰী বিতৰণ পক্ৰিয়া দুলীয়াজান সম-জিলাৰ তত্বাৱধানত শৃংখলাবদ্ধ ভাৱে সম্পন্ন হয়। নাহৰকটীয়া বিধানসভা সমষ্টিৰ বাবে নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰা প্ৰিজাইডিং আৰু পুলিং বিষয়াসকল নিৰ্বাচনী সামগ্ৰী সহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। নাহৰকটীয়া মহাবিদ্যালয়ত স্থাপন কৰা ৮ টা কাউন্টাৰৰ পৰা নিৰ্বাচনী সা-সামগ্ৰী বিতৰণ পক্ৰিয়া নাহৰকটীয়া সম-জিলাৰ তত্বাৱধানত শৃংখলাবদ্ধ ভাৱে সম্পন্ন হয়। টিংখাং বিধানসভা সমষ্টিৰ বাবে টিংখাং মহাবিদ্যালয়ৰ পৰা প্ৰিজাইডিং আৰু পুলিং বিষয়াসকল নিৰ্বাচনী সামগ্ৰী সহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। টিংখাং মহাবিদ্যালয়ত স্থাপন কৰা ১০ টা কাউন্টাৰৰ পৰা নিৰ্বাচনী সা-সামগ্ৰী বিতৰণ পক্ৰিয়া টিংখাং সম-জিলাৰ তত্বাৱধানত শৃংখলাবদ্ধ ভাৱে সম্পন্ন হয়।
খোৱাং বিধানসভা সমষ্টিৰ বাবে খোৱাং মহাবিদ্যালয়ৰ পৰা প্ৰিজাইডিং আৰু পুলিং বিষয়াসকল নিৰ্বাচনী সামগ্ৰী সহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। খোৱাং মহাবিদ্যালয়ত স্থাপন কৰা ১০ টা কাউন্টাৰৰ পৰা নিৰ্বাচনী সা-সামগ্ৰী বিতৰণ পক্ৰিয়া খোৱাং সম-জিলাৰ তত্বাৱধানত শৃংখলাবদ্ধ ভাৱে সম্পন্ন হয়। উল্লেখযোগ্য যে, ২ মে’ পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈকে ভােটাৰ সকলে নিজ নিজ ভােট গ্রহণ কেন্দ্ৰত ভােটদান কৰিব পাৰিব । ডিব্ৰুগড় জিলা প্রশাসনে পঞ্চায়ত নির্বাচনৰ বাবে ২২ গৰাকী জ’নেল বিষয়া, ৫৩ গৰাকী ছেক্টৰ বিষয়া তথা ১১৬৫ টা ভােটগ্রহণ কেন্দ্ৰৰ বাবে সৰ্বমুঠ ১১৬৫ গৰাকী প্রিজাইডিং আৰু ৪৬৬০ গৰাকী পুলিং বিষয়া নিযুক্তি দিছে। আনহাতে, পঞ্চায়ত নিৰ্বাচনৰ জিলাখনৰ ৬২ টা ভােট গ্রহণ
কেন্দ্ৰ কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। অহা ১১ মে’ত পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ গণনা অনুষ্ঠিত হ’ব।