...

ডিব্ৰুগড়ত নলাৰ মাজতে বিদ্যুতৰ খুঁটা !

Spread the love

কুম্ভকৰ্ণৰ নিদ্ৰাত বিভাগীয় কতৃপক্ষ

শ্বর্ট চাৰ্কিটৰ ঘটনা সংঘটিত হোৱাৰ পিছতো নির্বিকাৰ এপিডিচিএল

চাইন অন ডেক্সঃ
গ্ৰাহকৰ পৰা উচ্চ হাৰত বিদ্যুৎ মাচুল সংগ্ৰহৰে মাধমাৰ শোধাই অৱশেষত গ্ৰাহকৰ অভাৱ-অভিযোগৰ প্ৰতিও কেৰেপ নকৰা হল এপিডিচিএল।এই এপিডিচিএলৰ একাংশ বিষয়া-কর্মচাৰীৰ চূড়ান্ত হেমাহি আৰু দায়িত্ব জ্ঞানহীনতাৰ বাবেই আজি শতাধিক পৰিয়ালে বিনিদ্ৰ ৰজনী পাৰ কৰিব লগাত পৰিছে।যিকোনো সময়তে বিদ্যুৎ স্ফুলিংগ হৈ এখন গাওঁ চিৰদিনৰ বাবে নিঃশেষ হৈ যোৱাৰো উপক্ৰম হোৱাৰ শংকাই দেখা দিছে।কিন্তু তথাপিও এপিডিচিএলৰ কতৃপক্ষ কুম্ভকৰ্ণ নিদ্ৰাত।যাৰ বাবে ডিব্ৰুগড় মহানগৰৰ তুলসী গাওঁৰ ৰাইজ আজিও শংকিত তথা আতংকিত।এনে বিপদৰ আগজাননী পাই স্থানীয় ৰাইজে বহুবাৰ অভিযোগ দাখিল কৰা বুলি সদৰী কৰে;যদিও সংশ্লিষ্ট কতৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মিলন নগৰৰ “ই” উপ পথৰ সংযোগী উল্লেখিত গাঁওখনৰ এটা নলাৰ ওপৰতে এপিডিচিএলৰ বিষয়া-কর্মচাৰীয়ে কেইবছৰমানৰ পূৰ্বে এটা প্রকাণ্ড বিদ্যুতৰ খুঁটা পুতি থৈ আহিছিল। অঞ্চলবাসীক এই খুঁটাটোত সংযোগ কৰা বিদ্যুতৰ তাঁৰৰ যোগেদি ৰাইজ উপকৃত হ’লেও অপৰিকল্পিতভাবে বিভাগে পোতা খুঁটাটোৰ ভয়াবহ সমস্যাৰ সৃষ্টি হৈছে। বিশেষকৈ বাৰিষা কালত নলাৰ মাজতে থকা এই খুঁটাটোৰ বাবে পানী সৰবৰাহত ব্যাপক সমস্যাৰ উদ্ভব হয়। যাৰ বাবে বাৰিষা কালৰ সৰহভাগ সময়েই অঞ্চলটোৰ বহু কেইটা পৰিয়ালৰ নলাৰে বিভিন্ন স্থানৰ পৰা বাগৰি অহা লেতেৰা বা দুর্গন্ধময় পানীৰ মাজেদিয়েই আহ-যাহ কৰিবলগীয়া হয়। অবশ্যে সেয়া কপালৰে বিধি বুলি দুর্গন্ধযুক্ত পানীৰ মাজেদি অঞ্চলবাসী আহ-যাহ কৰি আহিছে যদিও খুঁটাটোত সংঘটিত শর্ট ছার্কিটৰ কেইবাটাও ঘটনাই ভয়াবহ বিপদ কঢ়িয়াই আনিছে। আনকি বিদ্যুতৰ এনে শর্ট চার্কিটৰ ফলত জুইৰো উদ্ভৱ হোৱাৰ কেইবাটাও ঘটনা ইতিমধ্যে সংঘটিত হৈ গৈছে। ঘন বসতিপূর্ণ অঞ্চলটোত হোবা এনে ঘটনাই বাসিন্দাসকলক আতংকিত কৰি তোলে যদিও বিভাগে এই ক্ষেত্রত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে। স্থানীয় লোকে লিখিত হিচাপে সমস্যাটোৰ কথা বিভাগক অবগত কৰিছিল যদিও এই পৰ্যন্ত কোনো সদুত্তৰ লাভ নকৰিলে। অথচ ভয়াবহ দুর্ঘটনা নহ’লে সাৰ নোপোৱা এপিডিচিএলৰ বিষয়া-কর্মচাৰীসকল এতিয়াও গভীৰ নিদ্ৰাত। বাৰিষাৰ পূর্বেই নলাটোৰ পৰা এটা নিৰাপদ স্থানত খুঁটাটো স্থানান্তৰ কৰি স্থানীয় ৰাইজক উপকৃত কৰিবলৈ অঞ্চলবাসীয়ে পুনৰবাৰ দাবী জনাইছে।অন্যথা অঞ্চলবাসীয়ে প্ৰতিবাদ স্বৰূপে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *